Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Matthew 28 >> 

1তেতিয়া বিশ্ৰাম-বাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।

2চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।

3তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।

4কিন্তু সেই মহিলা কেইজনীক,

5দূতে মাত লগাই ক'লে, "তোমালোকে ভয় নকৰিবা; কিয়নো ক্ৰুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।

6তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।।

7এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীললৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো।''

8তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ'ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।

9তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, তোমালোকৰ "মঙ্গল হওঁক"। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।

10তেতিয়া যীচুৱে তেওঁলোকক ক’লে, ''ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীললৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব।"

11পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।

12তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে,

13''আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা''।

14এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দুৰত ৰাখিম ।"

15তেতিয়া সিহঁতে ধন ললে আৰু সিহতে শিকোৱাৰ দৰেই কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ'ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।

16পাছত গালীলৰ যি পৰ্ব্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল;

17আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।

18তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, ''বোলে, স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হ’ল।

19এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;

20মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছো।'


  Share Facebook  |  Share Twitter

 <<  Matthew 28 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran