Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Matthew 23 >> 

1তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে,

2তেওঁ ক'লে "অধ্যাপক আৰু ফৰীচী সকল মোচিৰ' আসনত বহি আছে৷

3এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে কয়, কিন্তু নকৰে।

4হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।

5তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; কিয়নো তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷

6ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,

7হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে 'ৰব্বি' সম্বোধন কৰা, তেওঁলোকে এইবোৰ ভালপায়।

8কিন্তু তোমালোকে হ’লে, "ৰব্বি' বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।

9পৃথিবীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।

10আৰু তোমালোক আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো এজন, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।

11কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।

12যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।

13কিন্তু হায় হায় কপটীয়া অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা; কাৰণ তোমালোকে নিজেও নোসোমোৱা, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়া।

14হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰা আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰা, এই হেতুকে তোমালোকে অধিক দণ্ড পাবা।

15হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে এজনক ইহুদী ধৰ্ম্ম লোৱাবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰা; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰা।

16হায় হায় অন্ধ পথ প্ৰর্দশক! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে কোৱা যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।

17হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?

18তোমালোকে কোৱা যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।

19হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?

20এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;

21আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।

22যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।

23হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰা, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ এৰিলাহঁক। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা তোমালোকৰ উচিত আছিল।

24হে অন্ধ পথদৰ্শক সকল, তোমালোকে পোক এটাকে ছেকি পেলাই, উটকে গিলাহঁক!

25হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে বাটি-কাঁহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।

26হে অন্ধ ফৰীচী সকল, আগেয়ে বাটি-কাহীঁৰ ভিতৰ ফাল নিকা কৰা, তেতিয়াহে তাৰ বাহিৰ ফালো নিকা হ’ব।

27হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ৷ তোমালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফালে দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফালে মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷

28সেইদৰে তোমালোকো বাহিৰ ফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছা।

29হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল। তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছা, আৰু ধাৰ্ম্মিক সকলৰ মৈদাম শোভিত কৰিছা৷

30তোমালোকে কোৱা যে, 'আমাৰ পূৰ্ব্বপুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সহভাগী নহলোহেঁতেন।'

31এইদৰে, তোমালোক যে ভাববাদী সকলক বধ কৰোতা সকলৰ সন্তান, এই বিষয়ে তোমালোকে নিজেই নিজৰ পক্ষে সাক্ষ্য দিছা।

32এই হেতুকে চোৱা, তোমালোকেও নিজৰ পূৰ্ব্ব-পুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰা।

33হে সৰ্পগণ, কালসৰ্পৰ বংশ, তোমালোকে নো কেনেকৈ নৰকৰ দণ্ডৰ পৰা সাৰিবা?

34এই কাৰণে চোৱা, মই তোমালোকৰ ওচৰলৈ ভাৱবাদী, জ্ঞানী আৰু অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক তোমালোকে বধ কৰিবা, ক্ৰুচত দিবা; কিছুমানক তোমালোকে নাম-ঘৰত কোবাবা, আৰু নগৰে নগৰে তাড়না কৰিবা।

35তাতে ধাৰ্ম্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক তোমালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিলা, তেওঁৰ ৰক্তপাতলৈকে পৃথিবীৰ ওপৰত সকলো ধাৰ্ম্মিকৰ ৰক্তপাতৰ দোষ তোমালোকৰ ওপৰত পৰিব।

36মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ'ব ।

37যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলো, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।

38চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;

39কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তোমালোকে এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।"


  Share Facebook  |  Share Twitter

 <<  Matthew 23 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran