1অহ তুমি মোৰ মাতৃৰ স্তন পান কৰা মোৰ ভাইৰ নিচিনা হোৱা হলে, কেনে ভাল আছিল | তেতিয়া মই আলিত পাই তোমাক চুমা খালোহেঁতেন; তথাপি কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন |
2তাতে, তুমি মোক শিক্ষা দিবৰ নিমিত্তে, মই তোমাক বাট দেখুৱাই মোৰ মাতৃৰ ঘৰলৈ নিলোহেঁতেন; মই তোমাক সুগন্ধি দ্ৰব্য মিহলোৱা দ্ৰাক্ষাৰস, আৰু মোৰ ডালিমৰ ৰস পান কৰালোহেঁতেন |
3তেওঁৰ বাওঁ হাত মোৰ মুৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে|
4হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই তোমালোকক শপত দি কৈছোঁ প্ৰেমে নিজে ইচ্ছা নকৰেমানলৈকে তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা |
5নিজ প্ৰিয়ৰ ওপৰত ভৰ দি অৰণ্যৰ পৰা উঠি অহা সৌ জনী স্ত্ৰী কোন ?
6তুমি মোক মোহৰৰ দৰে হৃদয়ত, আৰু মোহৰৰ দৰে নিজ হাতত ৰাখা; কিয়নো প্ৰেম মৃত্যৰ নিচিনা বলৱান, আৰু অন্তৰ্জ্বালা চিয়োনৰ নিচিনা নিষ্ঠুৰ; তাৰ শিখা অগ্নি-শিখা, সেয়ে যিহোৱাৰ ঠিক বিজুলীৰ নিচিনা |
7জলসমূহেও প্ৰেমক নুমাব নোৱাৰে, আৰু বান পানীয়েও তাক তল নিয়াব নোৱাৰে; কোনোৱে যদি প্ৰেমৰ নিমিত্তে ঘৰৰ সৰ্ব্বস্বও দিয়ে, তথাপি তাক একেবাৰে তুচ্ছ কৰা যাব |
8আমাৰ এজনী সৰু ভনী আছে,তাইৰ আজিলৈকে স্তন হোৱা নাই; সেই ভনীক খোজাৰ দিনা, আমি তাইৰ নিমিওে কি কৰিম?
9তাই যদি গড়স্বৰুপ হয়, তেন্তে আমি তাৰ ওপৰত এটা ৰুপৰ বুৰুজ সাজিম, নাইবা যদি দুৱাৰস্বৰুপ হয়, তেন্তে এৰচ কাঠৰ তক্তাৰে তাক বন্ধ কৰিম |
10মই গড়স্বৰুপ আছিলোঁ, আৰু মোৰ স্তন দুটি তাৰ বুৰুজস্বৰুপ আছিল; এই নিমিত্তে মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাওঁতাৰ নিচিনা হলোঁ |
11বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছিল; তেওঁ তাক কেইজনমান ৰখীয়াৰ হাতত সমৰ্পণ কৰিছিল; গুটিৰ নিমিওে প্ৰতিজনে এক এক হাজাৰ চেকল ৰুপ আনি দিবলগীয়া হৈছিল|
12মোৰ নিজৰ দ্ৰাক্ষা-বাৰী হলে, মোৰ সন্মুখত আছে; হে চলোমন, ইয়াৰ সেই এক হাজাৰ তোমাৰেই আৰু দুখ চেকল ৰুপ গুটি-ৰখীয়া কেইজনৰ হব |
13হে উদ্যান-বাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কান পাতি আছে; তাক মোকো শুনিবলৈ দিয়া |
14হে মোৰ প্ৰিয়, শীঘ্ৰে ব’লা, আৰু সুগন্ধময় পৰ্ব্বতৰ ওপৰত মৃগ নাইবা যুবা হৰিণৰ সদৃশ হোৱা |