Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  The Song of Songs 6 >> 

1হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী,তোমাৰ প্ৰিয় ক’লৈ গল ? আমি তোমাৰ লগত তোমাৰ প্ৰিয়ক বিচাৰিবৰ নিমিত্তে, তেওঁ কোন পিনে গল তাক কোৱা |

2মোৰ প্ৰিয় উদ্যানবোৰত চৰিবৰ নিমিত্তে, আৰু কনাৰি ফুল গোটাবৰ নিমিত্তে, নিজ বাৰীলৈ, সুগন্ধি ফুল গছৰ ভেটি কেইটালৈ নামি গল |

3মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয় মোৰেই, তেওঁ কনাৰি ফুলনিৰ মাজত তেওঁৰ জাক চৰায়|

4হে মোৰ প্ৰিয়া, তুমি তিৰ্চাৰ নিচিনা সুন্দৰী, যিৰুচালেমৰ সদৃশ ৰুপৱতী, ধ্বজা থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী |

5তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক পৰাজয় কৰিলে | তোমাৰ কেশ গিলিয়দ পৰ্ব্বতৰ চালত শুই থকা ছাগ এজাকৰ নিচিনা |

6তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা, আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধুৱাই অনা ভেৰা এজাকৰ নিচিনা |

7ওৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডুখৰিৰ নিচিনা |

8ষাঠি জনী ৰাণী আৰু আশী জনী উপপত্নী, আৰু অসংখ্য যুৱতী আছে |

9মোৰ কপোতী, মোৰ শুদ্ধমতী একমাত্ৰ; তেওঁৰ মাতৃৰ তেৱেঁই অকল এজনী; তেওঁ নিজ জননীৰ স্নেহপাত্ৰী | জীয়াৰীবিলাকে তেওঁক দেখি ধন্য বুলিলে; এনে কি, ৰাণীবিলাকে আৰু উপপত্নীবোৰে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে |

10অৰুণৰ দৰে উদয়কাৰিণী, চন্দ্ৰৰ নিচিনা সুন্দৰী, সুৰ্য্যৰ দৰে নিৰ্ম্মলী, আৰু নিচান থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী সৌ জনী স্ত্ৰী কোন ?

11মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, আৰু ডালিম ফুলিছে নে নাই, তাক দেখিবলৈ আকৰোটৰ বাৰিলৈ নামি গলোঁ |

12মোৰ মনে অকস্মাতে মোক তুলি মোৰ ৰাজবংশীয় প্ৰজাবিলাকৰ ৰথত থলে |

13হে চূলম্মীৎ ,উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ ,আমি তোমাক চাওঁ |


  Share Facebook  |  Share Twitter

 <<  The Song of Songs 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran