Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Judges 8 >> 

1ইফ্ৰয়িম জনগোষ্ঠীৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।

2তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়েজৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্রয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?

3ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাৰিলো?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।

4গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়াসকলক খেদি খেদি গৈ যর্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।

5সেয়ে গিদিয়োনে চুক্কুতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”

6তেতিয়া চুক্কুতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”

7তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাটেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”

8তাৰ পাছত গিদিয়োন তাৰ পৰা পনুয়েললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কুতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।

9তেতিয়া তেওঁ পনুৱেলৰ লোকসমূহক ক’লে, “কুশলে যেতিয়া পুণৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”

10সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পুর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।

11পাছত গিদিয়োনে নোবহ আৰু যগবেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।

12জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।

13তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।

14গিদিয়োনে চুক্কত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।

15গিদিয়োনে চুক্কুতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”

16এইবুলি কৈ তেওঁ চুক্কতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাট কৰি শাস্তি দিলে।

17তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।

18তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”

19গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলেহেতেঁন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”

20তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠ, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।

21তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।

22পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”

23তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”

24গিদিয়োনে তেওঁলোকক পুণৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।

25তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।

26তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।

27তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্ৰাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।

28এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুণৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।

29তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে (গিদিয়োন) নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।

30গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।

31চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।

32যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্ৰাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক কবৰ দিয়া হ’ল।

33গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰয়েলৰ সন্তানসকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।

34তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।

35যিৰুব্বাল অর্থাৎ গিদিয়োনে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোকসমূহে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।


  Share Facebook  |  Share Twitter

 <<  Judges 8 >> 


Bible2india.com
© 2010-2020
Help
Dual Panel

Laporan Masalah/Saran