Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Judges 17 >> 

1ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত মীখা নামেৰে এজন মানুহ আছিল।

2তেওঁ নিজৰ মাকক ক’লে, “তোমাৰ পৰা নিয়া যি এঘাৰ শ চেকল ৰূপৰ বাবে তুমি শাও দিছিলা আৰু তাক মই শুনাকৈ কৈছিলা চোৱা, সেই ৰূপ মোৰ হাতত আছে; ময়েই তাক নিছিলোঁ।” তেতিয়া তেওঁৰ মাকে ক’লে, “যিহোৱাৰ পৰা মোৰ পুত্ৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হোৱা।”

3পাছত সেই এঘাৰ শ চেকল ৰূপ নিজ মাকক ওলোটাই দিয়াত, মাকে ক’লে, “এই ৰূপ মই যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিছোঁ; এটা কটা প্ৰতিমা আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিবৰ অৰ্থে তাক মোৰ হাতৰ পৰা মোৰ পুত্ৰই পাওক; এতেকে এতিয়া তাক তোমাক ওভোটাই দিছোঁ।”

4কিন্তু মীখাই মাকক সেই ৰূপ ওলোটাই দিলে, তাৰ মাকে তাৰে দুশ চেকল ৰূপ লৈ সোণাৰিক দিলে; তেতিয়া সোণাৰিয়ে এটা কটা মুৰ্ত্তি আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিলে, সেই মুৰ্ত্তি মীখাৰ ঘৰত ৰাখিলে।

5মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল।

6সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল; সেয়েহে যেয়ে যিহকে উচিত দেখিছিল, তেওঁ তাকেই কৰিছিল।

7সেই সময়ত যিহূদাৰ বৈৎলেহেমৰ যিহূদা জনগোষ্ঠীৰ এজন লেবীয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰবাস কৰিছিল।

8সেই মানুহে য’তে পাই ত’তে থাকিবৰ বাবে যিহূদাৰ বৈৎলেহেম নগৰৰ পৰা ওলাই গৈ গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা সেই মীখাৰ ঘৰ পালেগৈ।

9তেতিয়া মীখাই তাক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেতিয়া তেওঁ ক’লে, “মই যিহূদাৰ বৈৎলেহেমৰ এজন লেবীয়া মানুহ; য’তে সুবিধা পাও, তাতে থাকিবৰ বাবে ওলাই আহিছোঁ।”

10তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল;

11তেতিয়াৰে পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ’ল।

12পাছত মীখাই সেই লেবীয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মীখাৰ পুৰোহিত হৈ তেওঁৰ ঘৰতে থাকিল।

13তাতে মীখাই ক’লে, “যিহোৱাই মোৰ মঙ্গল কৰিব, ইয়াক মই এতিয়া জানিলোঁ; কিয়নো সেই লেবীয়া মোৰ পুৰোহিত হ’ল।”


  Share Facebook  |  Share Twitter

 <<  Judges 17 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran