Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Thessalonians 4 >> 

1সর্বশেষত, হে প্রিয় ভাই সকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।

2কাৰণ প্ৰভু যীচুৰ নামৰ দ্বাৰাই আমি আপোনালোকক কি কি আদেশ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।

3কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।

4আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।

5ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।

6এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।

7কিয়নো ঈশ্বৰে আমাক অশুচিতালৈ নহয়, পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।

8এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যি জনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।

9ভাতৃ প্ৰেমৰ বিষয়ে হলে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।

10বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাই সকল, আমাৰ পৰামর্শ এই যে আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।

11আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰক।

12আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু আপোনালোকৰ যেন একোৰে অভাৱ নহয়।

13প্রিয় ভাই সকল, যি সকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।

14কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।

15প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে সঁচাকৈ সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।

16কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তুৰী বাদ্যৰে সৈতে স্বর্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;

17তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হ’ব আৰু এইদৰে আমি সদায় প্ৰভুৰ সঙ্গী হম।

18এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।


  Share Facebook  |  Share Twitter

 <<  1 Thessalonians 4 >> 


Bible2india.com
© 2010-2023
Help
Dual Panel

Laporan Masalah/Saran