Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Corinthians 16 >> 

1পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।

2সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷

3এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷

4যদি ময়ো যাওঁ, তেনেহলে তেওঁলোকো মোৰ লগতে যাব।

5কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ, (মাকিদনিয়াৰ মাজেদি) যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।

6আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰিব৷

7এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।

8কিন্তু পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;

9কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।

10এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়জ্ঞান নকৰে৷

11কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁক ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।

12এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।

13আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষসকলৰ দৰে শক্তিমন্ত হওক।

14আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।

15হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, (স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;)

16আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।

17আমি সকলো আনন্দিত হৈছো, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ আহোতে, আপোনালোক নথকা বাবে মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।

18কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকৰ চিনাকি দিবলৈ নাপাহৰিব।

19এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷

20সকলো ভাইসকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷

21মই পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷

22কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷

23প্ৰভু যীচুৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।

24খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।


  Share Facebook  |  Share Twitter

 <<  1 Corinthians 16 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran