Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 19 >> 

1তুমি ইস্ৰায়েলৰ অধিপতিবিলাকৰ বিষয়ে বিলাপ আৰাম্ভ কৰা,

2আৰু কোৱা, তোমাৰ মাৰা কি আছিল? তাই এজনী সিংহী; তাই সিংহবোৰৰ মাজত শুইছিল, তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল।

3তাই নিজৰ পোৱালিবোৰৰ মাজৰ এটা পোৱালি তোলাত, সি ডেকা সিংহ হৈ উঠিল; আৰু সি চিকাৰ ধৰিবলৈ শিকি মানুহ খালে।

4জাতিবিলাকে তাৰ বিষয়ে শুনাত, সি সিহঁতৰ গাঁতত ধৰা পৰিল, আৰু সিহঁতে তাৰ নাকত হাঁকোটা লগাই মিচৰ দেশলৈ নিলে।

5যেতিয়া তাই দেখিলে; যে, তাই বাট চাই থাকোঁতে থাকোঁতে তাইৰ আশা বিফল হ’ল, তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে।

6সি সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে কৰোঁতে ডেকা সিংহ হৈ উঠিল; সি চিকাৰ ধৰিবলৈ শিকি মানুহ খালে।

7সি সিহঁতৰ অট্টালিকাবোৰ চিনি পাইছিল, আৰু সিহঁতৰ নগৰবোৰ ধ্বংস কৰিছিল; তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল।

8তেতিয়া জাতিবিলাকে প্ৰদেশবোৰৰ পৰা সকলো ফালে তাক আক্ৰমণ কৰিলে, আৰু সিহঁতে তাৰ ওপৰত সিবিলাকৰ জাল মেলিলে; সি সিহঁতৰ গাঁতত ধৰা পৰিল।

9সিহঁতে তাৰ নাকত হাঁকোটা লগাই সজাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ নিলে; ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ সিহঁতে তাক দুৰ্গম ঠাইত ৰাখিলে।

10তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাৰা জলসমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰুপ আছিল; সেয়ে বহু জলসমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল।

11আৰু তাৰ শকত ডালবোৰ শাসনকৰ্ত্তাবিলাকৰ ৰাজদণ্ডৰ যোগ্য আছিল; সেয়ে বাঢ়ি ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু অধিক ডাল আৰু ওখৰ কাৰণে তাক ভালকৈ দেখা গ’ল।

12কিন্তু ক্ৰোধত তাক উঘালি মাটিত পেলোৱা হ’ল, আৰু পূবৰ বতাহে তাৰ ফল শুকুৱালে তাৰ শকত ডালবোৰ ভষ্ম হৈ শুকাল, জুয়ে সেইবোৰ অন্ত কৰিলে।

13এতিয়া তাক অৰণ্যত, খৰাং আৰু শুকান দেশত ৰোৱা হৈছে।

14আৰু তাৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাৰ ফল এনেকৈ গ্ৰাস কৰিলে, যে, শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাৰ মাজত আৰু নাথাকিল। এয়ে বিলাপ, আৰু বিলাপৰ অৰ্থে হ’ব।



 <<  Ezekiel 19 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran