Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 18 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খালে পুতেকহঁতৰ দাঁত টেঙায়, এইবুলি ইস্ৰায়েল দেশৰ তোমালোকে যে যোজনা দিয়া, তাৰ অৰ্থ কি?

3প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু নাপাবা।

4চোৱা, আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব।

5যদি কোনো মানুহ ধাৰ্ম্মিক হয়, যি উচিত আৰু ন্যায় তাকে তেওঁ কৰে,

6পৰ্ব্বতবোৰত ভোজন নকৰে, বা ইস্ৰায়েল বংশৰ মুৰ্ত্তিবোৰলৈ চকু নোতোলে, বা নিজ ওচৰ চুবুৰীয়াৰ তিৰোতাক অশুচি নকৰে, নাইবা কোনো তিৰোতা অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ নাযায়, আৰু কাকো অন্যায় নকৰে,

7কিন্তু ধৰুৱাক তাৰ বন্ধক ওলোটাই দিয়ে, কাৰো বস্তু বলেৰে কাঢ়ি নলয়, ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে,

8আৰু নাঙঠাক কাপোৰেৰে ঢাকে, সুতলৈ ধাৰ নিদিয়ে, নাইবা বাঢ়ি নলয়, অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰে, মোৰ বিধিবোৰত চলে,

9আৰু যথাৰ্থ কাৰ্য্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্ম্মিক, প্ৰভূ যিহোৱাই কৈছে, তেওঁহে অৱশ্যে জীয়াই থাকিব।

10আৰু যদি কোনো মানুহৰ ঔৰসত এটা পুতেক জন্ম হৈ, সি ডকা দিয়া ৰক্তপাত কৰা আদি কোনো কাৰ্য্য কৰে,

11আৰু সেইবোৰ কৰ্ত্তব্য কৰ্ম্মৰ কোনো কৰ্ত্তব্য কৰ্ম্ম নকৰে, কিন্তু পৰ্ব্বতবোৰত ভোজন কৰে, নিজ ওচৰ-চুবুৰীয়াৰ তিৰোতাক অশুচি কৰে,

12দুখী-দৰিদ্ৰক অন্যায় কৰে, বলেৰে কাঢ়ি লয়, বন্ধক ওলোটাই নিদিয়ে, মুৰ্ত্তিবোৰলৈ চকু তোলে, ঘিণলগীয়া কাৰ্য্য কৰে,

13সুতলৈ ধাৰ দিয়ে, আৰু বাঢ়ি লয়, তেনেহলে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব; সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য্য কৰে; সি অৱশ্যে মৰিব, আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ গাত থাকিব।

14আৰু চোৱা, যি পুতেকে, বাপেকে কৰা সকলো পাপ দেখিও ভয় কৰে তেনে কাৰ্য্য নকৰে,

15পৰ্ব্বতবোৰৰ ওপৰত ভোজন নকৰে, বা ইস্ৰায়েল বংশৰ মুৰ্ত্তিবোৰলৈ চকু নোতোলে, তেওঁৰ চুবুৰীয়াৰ তিৰোতাক অশুচি নকৰে,

16বা কাকো অন্যায় নকৰে, বন্ধকৰ নিমিত্তে একো নলয়, নাইবা বলেৰে কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে,

17দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা বাঢ়ি নলয়, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, মোৰ বিধিবোৰত চলে, এনে পুতেক যদি সেই মানুহৰ ঔৰসত জন্ম হয়, তেন্তে সেই পুতেক নিজৰ বাপেকৰ অপৰাধৰ নিমিত্তে নমৰিব; তেওঁ অৱশ্যে জীয়াই থাকিব।

18তেওঁৰ বাপেকৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাৰ, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাৰ, আৰু নিজৰ লোকবিলাকৰ মাজত, যি ভাল নহয়, তাকে কৰাৰ কাৰণে, চোৱা, তেওঁ নিজ অপৰাধৰ নিমিত্তে মৰিব।

19তথাপি তোমালোকে কোৱা, পুতেকে বাপেকৰ অপৰাধৰ ভাৰ কিয় নবয়? যেতিয়া পুতেকে উচিত আৰু ন্যায় কাৰ্য্য কৰে, মোৰ সকলো বিধি পালন কৰে, আৰু সেইবোৰৰ মতে কৰ্ম্ম কৰে, তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব।

20পাপ কৰা প্ৰাণীহে মৰিব; পুতেকে বাপেকৰ, বাপেকে পুতেকৰ অপৰাধৰৰ ভাৰ নবব; ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতা ধাৰ্ম্মিকৰ গাত, আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।

21কিন্তু যদি দুষ্টই নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে, উচিত আৰু ন্যায় সকলো কাৰ্য্য কৰে, তেন্তে সি অৱশ্যে জীয়াই থাকিব, নমৰিব।

22সি কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তাৰ অহিতে সোঁৱৰণ কৰা নহ’ব; সি নিজ ধাৰ্ম্মিকতাৰ নিমিত্তেহে জীয়াই থাকিব।

23প্ৰভূ যিহোৱাই কৈছে, দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকিব, ইয়াত সন্তুষ্ট নহৈ তাৰ মৃত্যুত জানো মই কোনো সন্তুষ পাওঁ?

24কিন্তু যদি ধাৰ্ম্মিকে তেওঁৰ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, আৰু দুষ্টই কৰা আটাই ঘিণলগীয়া কাৰ্য্যৰ দৰে কাৰ্য্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰৰ কোনোটোকে সোঁৱৰণ কৰা নাযাব, তেওঁ কৰা অপৰাধতেই, আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।

25তথাপি তোমালোকে কোৱা, প্ৰভূৰ পথ সমান নহয়; হে ইস্ৰায়েল বংশ, বাৰু, শুনা, মোৰ পথহে সমান নহয়নে? তোমালোকৰ পথহে জানো অসমান নহয়?

26ধাৰ্ম্মিক লোকে যদি নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, আৰু তাত মৰে, তেন্তে তেওঁ কৰা অপৰাধতেই মৰে।

27আকৌ দুষ্টই যদি সি কৰা দুষ্কৰ্ম্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেন্তে সি নিজ প্ৰাণ জীয়াই ৰাখিব।

28সি বিবেচনা কৰি সি কৰা আটাই দুষ্কৰ্ম্মৰ পৰা ঘূৰাত, সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব।

29তথাপি ইস্ৰায়েল বংশই কয়, প্ৰভূৰ পথ সমান নহয়, হে ইস্ৰায়েল বংশ, মোৰ পথহে সমান নহয়নে? তোমালোকৰ পথহে জানো অসমান নহয়?

30এই হেতুকে, প্ৰভূ যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম। তোমালোক ওলোটা, আৰু তোমালোকৰ সকলো অধৰ্ম্মৰ পৰা ঘূৰা; তাতে অপৰাধ তোমালোকৰ সৰ্ব্বনাশৰ কাৰণ নহ’ব।

31যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধ তোমালোকৰ পৰা দূৰ কৰা, আৰু তোমালোকৰ নিজ নিজৰ নিমিত্তে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, কিয় তোমালোক মৰিবা?

32কিয়নো, প্ৰভূ যিহোৱাই কৈছে, কোনো লোক মৰিলে মই তাৰ মৃত্যুত সন্তোষ নাপাওঁ। এই হেতুকে তোমালোক ঘূৰি জীয়াই থাকা।



 <<  Ezekiel 18 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran