Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 20 >> 

1সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ বৃদ্ধবিলাকৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।

2তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

3হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ বৃদ্ধকেইজনে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে মোক সুধিবলৈ আহিছা নে? প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।

4হে মনুষ্য় সন্তান, তুমি তেওঁবিলাকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ ঘিণলগীয়া কাৰ্য্যবোৰ তেওঁবিলাকক জানিবলৈ দিয়া, আৰু তেওঁবিলাকক কোৱা।

5প্ৰভূ যিহোৱাই এই কথা কৈছে, মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ, আৰু যাকোবৰ বংশৰ সন্তানবিলাকৰ পক্ষে হাত দাঙি শপত কৰিছিলোঁ, আৰু মই তোমালোকৰ ঈশ্বৰ যিহোৱা বুলি কৈ তেওঁবিলাকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁবিলাকক চিনাকি দিছিলোঁ,

6সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁবিলাকৰ নিমিত্তে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁবিলাকক উলিয়াই নিম বুলি তেওঁবিলাকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁবিলাকক কৈছিলোঁ,

7তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা, আৰু মিচৰৰ মুৰ্ত্তিবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা।

8কিন্তু তেওঁবিলাকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল; তেওঁবিলাকে তেওঁবিলাকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ মুৰ্ত্তিবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁবিলাকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।

9কিন্তু মিচৰ দেশৰ পৰা তেওঁবিলাকক উলিয়াই অনাৰ দ্বাৰাই তেওঁবিলাক থকা যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ মোৰ নামৰ নিমিত্তে, উদ্দেশ্যে মোৰ কাৰ্য্য কৰিলোঁ।

10মই তেওঁবিলাকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।

11আৰু যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ, আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁবিলাকক দেখুৱালোঁ।

12ইয়াৰ বাহিৰে, মই যে তেওঁবিলাকক পবিত্ৰ কৰোঁতা যিহোৱা, তাক তেওঁবিলাকে জানিবৰ নিমিত্তে মোৰ আৰু তেওঁবিলাকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।

13কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে; তেওঁবিলাকে মোৰ বিধিমতে নচলিলে, আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰামদিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁবিলাকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।

14কিন্তু যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক উলিয়াই আনিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ নিমিত্তে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য্য কৰিলোঁ।

15ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁবিলাকক দান কৰা দেশৰ মাজলৈ তেওঁবিলাকক নিনিও বুলি মই অৰণ্যত তেওঁবিলাকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ;

16কাৰণ তেওঁবিলাকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁবিলাকৰ মন তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছিল।

17তথাপি মই তেওঁবিলাকলৈ কৃপাদৃষ্টি কৰি তেওঁবিলাকক বিনষ্ট নকৰিলোঁ, আৰু অৰণ্যত তেওঁবিলাকক নিঃশেষে সংহাৰ নকৰিলোঁ।

18আৰু অৰণ্যত মই তেওঁবিলাকৰ সন্তানবিলাকক কলোঁ, তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ বিধিবোৰত নচলিবা, বা তেওঁবিলাকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁবিলাকৰ মুৰ্ত্তিবোৰেৰে তোমালোকক অশুচি নকৰিবা।

19ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য্য কৰা।

20আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, তাক তোমালোকে জানিবৰ নিমিত্তে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।

21কিন্তু সেই সন্তানবিলাকে মোৰ অহিতে বিদ্ৰোহ কৰিলে; তেওঁবিলাকে মোৰ বিধিমতে নচলিলে, বা যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ সেই শাসনপ্ৰণালীবোৰ তেওঁবিলাকে পালন নকৰিলে: তেওঁবিলাকে মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তাতে মই অৰণ্যত তেওঁবিলাকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।

22তথাপি, যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক উলিয়াই আনিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ নিমিত্তে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য্য কৰিলোঁ।

23ইয়াত বাজে, জাতিবিলাকৰ মাজত তেওঁবিলাকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁবিলাকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁবিলাকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ;

24কাৰণ তেওঁবিলাকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে আৰু তেওঁবিলাকৰ চকু তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ মুৰ্ত্তিবোৰত আসক্ত থাকিল।

25ইয়াত বাজেও, যি বিধি ভাল নহয়, আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁবিলাকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁবিলাকক দিলোঁ।

26মই যে যিহোৱা, ইয়াক যেন তেওঁবিলাকে জানিব, এই নিমিত্তে মই তেওঁবিলাকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা আটাইকে তেওঁবিলাকে জুইৰ মাজেদি গমন কৰোৱাৰ দ্বাৰাই, তেওঁবিলাকক তেওঁবিলাকৰ উপহাৰেৰে অশুচি কৰিলোঁ।

27এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশই সৈতে কথা হৈ তেওঁবিলাকক এই কথা কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষবিলাকে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে।

28কিয়নো যি দেশ তেওঁবিলাকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁবিলাকক আনিলোঁ, তেতিয়া তেওঁবিলাকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত, আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁবিলাকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।

29তাতে মই তেওঁবিলাকক কলোঁ, যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” [ওখ ঠাই] নামেৰে প্ৰসিদ্ধ।

30এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ নিচিনাকৈ তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁবিলাকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?

31আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তানবিলাকক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই মুৰ্ত্তিৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাললোকক মোক সুধিবলৈ নিদিওঁ।

32আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবিলাক দেশে-বিদেশে থকা গোষ্ঠীবিলাকৰেই নিচিনা হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব।

33প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।

34পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।

35মই তোমালোকক জাতিবিলাকৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।

36প্ৰভূ যিহোৱাই কৈছে, মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ লগত প্ৰতিবাদ কৰা নিচিনাকৈ তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।

37আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম, আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;

38আৰু মই বিদ্ৰোহীহঁতক, আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাবোৰক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; সিহঁতে প্ৰবাস কৰা দেশৰ পৰা মই সিহঁতক উলিয়াম, কিন্তু সিহঁত ইস্ৰায়েল দেশত নোসোমাব¨ তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা।

39হে ইস্ৰায়েল-বংশ, প্ৰভূ যিহোৱাই এইদৰে কৈছে, তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ মুৰ্ত্তিবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা, আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ মুৰ্ত্তিৰে তোমালোকে আৰু অশুচি নকৰিবা।

40কিয়নো, প্ৰভূ যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁবিলাকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁবিলাকক গ্ৰহণ কৰিম, আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ, আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।

41যেতিয়া মই তোমালোকক জাতিবিলাকৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবিলাকৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।

42যি দেশ তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া নিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।

43আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য তাত তোমালোকে মনত কৰিবা, আৰু তোমালোকে কৰা সকলো কুকৰ্ম্মৰ নিমিত্তে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।

44আৰু প্ৰভূ যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু আচৰণ বা তোমালোকৰ দুষ্কৰ্ম্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।

45পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,

46হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।

47আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, যিহোৱাৰ বাক্য শুনা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম, আৰু সেই জুয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব, আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব;

48তাতে, মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকোল মত্ত্যই তাক জানিব; তাক নুমৱা নহ’ব।

49তেতিয়া মই কলোঁ, হায় হায়, প্ৰভূ যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে?



 <<  Ezekiel 20 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran