Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 7 >> 

1সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।

2ভোজনৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱা ভাল; কিয়নো সেয়ে সকলো মানুহৰ শেষ গতি, আৰু জীয়াই থকা লোকে তাক মনত ৰাখিব।

3হাঁহিতকৈ শোক ভাল? কাৰণ মুখৰ বিবৰ্ণৰ দ্বাৰাই মনক আনন্দিত কৰা হয়।

4জ্ঞানৱান বিলাকৰ মন বিলাপৰ ঘৰত থাকে; কিন্তু অজ্ঞানবোৰৰ মন আমোদৰ ঘৰত থাকে।

5মানুহে অজ্ঞানবোৰৰ গীত শুনাতকৈ জ্ঞানৱানৰ অনুযোগ শুনা ভাল।

6কিয়নো কেৰাহীৰ তলত কাঁইট খৰিৰ ফুটফুটনিৰ শব্দ যেনে অজ্ঞান মানুহৰ হাঁহি তেনে; ইও অসাৰ।

7স্বৰূপতে অত্যাচাৰে জ্ঞানৱানক বলিয়া কৰে আৰু ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।

8কাৰ্য্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল আৰু অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল।

9তোমাৰ মনক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো অজ্ঞানবোৰ বুকুৱেই খঙৰ আশ্ৰয়।

10বৰ্ত্তমান কলতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নকবা; কিয়নো এই বিষয়ে তুমি এনে প্ৰশ্ন কৰা জ্ঞান মুলক নহয়।

11পৈত্ৰিক ধন-সম্পত্তি যিমান ভাল, প্ৰজ্ঞাও সিমান ভাল; এনেকি, সুৰ্য্যক দেখোঁতাবিলাকৰ নিমিত্তে তাতকৈ প্ৰজ্ঞা বেছি উপকাৰী।

12কিয়নো ধন যেনে ৰক্ষক, প্ৰজ্ঞাও তেনে ৰক্ষক; কিন্তু জ্ঞানৰ উপকাৰ এই, যে, প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰে। ঈশ্বৰৰ কাৰ্য্য চোৱা;

13কিয়নো তেওঁ যিহক বেঁকা কৰে, তাক কোনে পোনাব পাৰে?

14সুখৰ দিনত আনন্দ কৰা, আৰু দুখৰ দিনত বিবেচনা কৰা; মানুহৰ পাছত কি ঘটিব, তাৰ একোকে যেন মানুহে জানিব নোৱাৰে, এই নিমিত্তে ঈশ্বৰে সেই দুয়োকো ওচৰা-ওচৰি কৰি থৈছে।

15মই মোৰ অসাৰ জীৱনৰ দিন কেইটাত এই সকলো দেখিলো, যে, কোনো কোনো ধাৰ্ম্মিক লোক নিজ নিজ ধাৰ্ম্মিকতাত বিনষ্ট হয়, আৰু কোনো কোনো দুষ্ট লোকে নিজ নিজ দুষ্টতাত দীৰ্ঘকাল নিয়াই।

16অতিৰিক্ত ধাৰ্ম্মিক নহবা, আৰু নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় নিজকে নষ্ট কৰিবা?

17অতি দুষ্ট নহবা, আৰু অজ্ঞানো নহবা; তোমাৰ কাল নৌহওঁতেই কিয় মৰিবা?

18তুমি ইয়াক ধৰি ৰখা ভাল; এনেকি, সিটোৰ পৰাও হাত নুগুচাবা; কিয়নো ঈশ্বৰলৈ ভয় কৰোঁতা লোকে সেই সকলোৰে পৰা সাৰিব।

19নগৰত থকা দহজন পৰাক্ৰমীয়ে যি পৰিমাণে নগৰ দৃঢ় কৰে, তাতকৈ প্ৰজ্ঞাই জ্ঞানৱানক অধিক পৰিমাণে বলৱান কৰে।

20বাস্তৱিকে পাপ নকৰি সৎকৰ্ম্ম কৰা ধাৰ্ম্মিক মানুহ পৃথিবীত নাই।

21লোকে কথা পতা আটাই কথালৈ মন নিদিবা; কিয়নো দিলে, কিজানি তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।

22কাৰণ তুমিও যে আনবিলাকক সেইদৰে শাও দিয়া, তাক তোমাৰ মনে অনেক বাৰ জানিবলৈ পাইছে।

23মই প্ৰজ্ঞাৰ দ্বাৰাই সেই সকলোকে পৰীক্ষা কৰি চালোঁ; মই ক’লোঁ, মই জ্ঞানৱান কিন্তু জ্ঞান মোৰ পৰা দুৰত আছিল।

24যি আছে, সেয়ে অতি দুৰ, আৰু অতি গভীৰ, তাক কোনো পাব পাৰে?

25মই ঘুৰি, জানিবলৈ আৰু অনুসন্ধান কৰিবলৈ, প্ৰজ্ঞা আৰু কথাৰ হেতু বিচাৰ কৰিবলৈ, আৰু দুষ্টতা যে অজ্ঞান, আৰু মুৰ্খতা যে পাগলামী, তাক জানিবলৈ মনোযোগ কৰিলো।

26তাতে মই মৃত্যুতকৈয়ো এক বিষম বস্তু দেখিলোঁ, অৰ্থাৎ যি তিৰোতাৰ মন ফান্দ আৰু জাল, হাত বান্ধ স্বৰূপ, এনে তিৰোতাক; যি মানুহ ঈশ্বৰৰ দৃষ্টিত উত্তম সি তাইৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰাই ধৰা পৰিব।

27উপদেশকে কৈছে, চোৱা, মই কথাৰ কাৰণ উলিয়াবলৈ এটাৰ পাছত এটা বিচাৰ কৰি চাই তাকে পালোঁ।

28মোৰ প্ৰাণে এতিয়াও যিহক বিচাৰিছে, মই তাক পোৱা নাই; হাজাৰৰ মাজত এজনহে নৰ পালোঁ, কিন্তু সেই সকলোৰ মাজত এজনী নাৰী নাপালো।

29চোৱা, মই ইয়াকেহে পালোঁ, যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল; কিন্তু অবাটে যাবৰ নিমিত্তে তেওঁবিলাকে নানা উপায় বিচাৰিলে।



 <<  Ecclesiastes 7 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran