Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Isaiah 46 >> 

1বেল দেৱতা নত হ’ল, নবো দোঁ খালে, তেওঁলোকৰ মুৰ্ত্তিবোৰ সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।

2একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে; কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।

3গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।

4আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে ময়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলো, আৰু ময়েই তোমালকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।

5তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ,সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?

6লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰিক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।

7তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।

8হে তোমালোক বিদ্রোহীসকল এই বিষয়ে চিন্তা কৰা;কেতিয়াও প্রত্যাখ্যান নকৰিবা!স

9সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ,আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।

10মই আৰম্ভনিৰে পৰা শেষৰ কথা ঘোষনা কৰিছো, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰো সেই দৰে কৰিম।”

11মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে,মইয়ো কৰিম।

12সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা ।

13মই মোৰ ধাৰ্ম্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।


  Share Facebook  |  Share Twitter

 <<  Isaiah 46 >> 


Bible2india.com
© 2010-2026
Help
Dual Panel

Laporan Masalah/Saran