Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 11 >> 

1তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক আকৌ পাবা।

2সাত জনক, এনে কি, আঠ জনক ভাগ বাঁটি দিয়া; কিয়নো পৃথিবীত কি কি আপদ ঘটিব, তাক তুমি নাজানা।

3মেঘবোৰে বৃষ্টিৰে পৰিপুৰ্ণ হলে, সেইবোৰে পৃথিবীত বৰষুণ বৰষায়; আৰু গছ দক্ষিণ বা উত্তৰ ফালে পৰিলে যি ঠাইত পৰে, সেই ঠাইতেই থাকে।

4যিজনে বতাহলৈ ঠাই তেওঁ কঠিয়া নিসিচিঁব; আৰু যিকোনোৱে মেঘলৈ দৃষ্টি কৰে তেওঁ শস্য নাদাব।

5বতাহৰ গতি আৰু গৰ্ভৱতীৰ গৰ্ভত থকা হাড়বোৰৰ বৃদ্ধি যেনেকৈ তোমাৰ বোধৰ অগম্য, তেনেতৈ সৰ্ব্বসাধক ঈশ্বৰৰ কাৰ্য্যও তোমাৰ বোধৰ অগম্য।

6তুমি ৰাতিপুৱা তোমাৰ কঠিয়া সিচাঁ আৰু গধুলি পৰতো তোমাৰ হাত কোচাই নাৰাখিবা; কিয়নো ইটো বা সিটো কোনটো সফল হব, নাইবা দুয়ো একে সমানে উত্তম হব, তাক তুমি নাজানা।

7বাস্তৱিকতে পোহৰ সন্তোষ দিওঁতা, আৰু চকুৰ পক্ষে সুৰ্য্য দৰ্শন ভাল।

8এনেকি, কোনো মানুহ অনেক বছৰ জীয়াই থাকিলে, তেওঁ সেই সকলোতে আনন্দ কৰক, কিন্তু অন্ধাৰ দিনো মনত ৰাখক; কিয়নো সেই দিন অনেক হব। যি যি ঘটে সেই সকলোৱেই অসাৰ।

9হে ডেকা, তুমি তোমাৰ যৌৱন-অৱস্থাত আনন্দ কৰা, আৰু ডেকা কালত তোমাৰ মনে তোমাক হৰ্ষিত কৰক, আৰু তুমি তোমাৰ হৃদয়ৰ পথত আৰু নিজ চকুৰ দৃষ্টিত চলি থাকা; কিন্তু তুমি জানিবা যে, ঈশ্বৰে এই সকলোৰে নিমিত্তে তোমাক বিচাৰৰ ঠাইলৈ আনিব।

10এই হেতুকে তোমাৰ মনৰ পৰা বেজাৰ দুৰ কৰা, আৰু গাৰ পৰা দুখ গুচুৱা; কিয়নো যৌৱন আৰু ডেকা কাল ভাপ-স্বৰূপ।


  Share Facebook  |  Share Twitter

 <<  Ecclesiastes 11 >> 


Bible2india.com
© 2010-2025
Help
Dual Panel

Laporan Masalah/Saran