Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 10 >> 

1যেনেকৈ মৰা মাখিৰ দ্বাৰাই সুগন্ধি দ্ৰব্য-ব্যৱসায়ীৰ সুগন্ধি তেল দুৰ্গন্ধ হয়, তেনেকৈ অলপ অজ্ঞানতাই প্ৰজ্ঞা আৰু সন্মানতকৈ জোখত চৰে।

2জ্ঞানৱানৰ হৃদয় তাৰ সোঁহাতে; কিন্তু অজ্ঞানৰ হৃদয় তাৰ বাওঁ হাতে থাকে।

3এনে কি, অজ্ঞানে বাটত ফুৰোঁতেও বুদ্ধিহীন হৈ সকলোৰে আগত নিজৰ অজ্ঞানতা প্ৰকাশ কৰে।

4যদি তোমালৈ শাসনকৰ্ত্তাৰ ক্ৰোধ হয়, তথাপি তোমাৰ ঠাই ত্যাগ নকৰিবা; কিয়নো ধৈৰ্য্যই বৰ বৰ পাপ থমায়।

5মই সুৰ্য্যৰ তলত অধিপতিৰ পৰা উৎপন্ন হোৱা ভ্ৰান্তি যেন এক বিষম বিষয় দেখিলোঁ,

6যে, অজ্ঞানক অতি ওখ পদত স্থাপন কৰা হয়, আৰু ধনৱন্তবিলাকৰ নীহ ঠাইত বহে।

7মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিলোঁ।

8যি মানুহে খাল খানে সি তাত পৰিব; আৰু যি মানুহে শিলৰ গড় ভাঙে তাক সাপে দংশিব।

9যি মানুহে শিলবোৰ আতৰাই, সি সেইবোৰতেই দুখ পাব; আৰু যি মানুহে কাঠ ফালে, তাত তালৈ আপদ ঘটিবৰ ভয় থাকে।

10লোহ ভোটা হ’লে, আৰু তাক নধৰালে, তাক চলাবলৈ অধিক বল লাগে; কিন্তু কাৰ্য্য সাম্ফল কৰিবলৈ জ্ঞান উপকাৰী।

11মন্ত্ৰৰ গুণ নৌ ধৰোতেই যদি সাপে দংশে তেন্তে মন্ত্ৰ গাওঁতাত কোনো লাভ নাই।

12জ্ঞানৱান লোকৰ মুখৰ বাক্য সন্তোষজনক; কিন্তু অজ্ঞান ওঁঠে নিজকে গ্ৰাস কৰে।

13তাৰ মুখৰ কথাৰ আৰম্ভণতেই অজ্ঞানতা, আৰু তাৰ কথাৰ শেষ-ফল অনিষ্টকাৰী বলিয়ালি।

14অজ্ঞান লোকে অনেক কথা কয়; কিন্তু আগলৈ কি হব, তাক মানুহে নাজানে; আৰু তাৰ পাছৰ কালত কি ঘটিব, ইয়াকে তাক কোনে জনাব পাৰে?

15অজ্ঞান লোকৰ পৰিশ্ৰমেই সিহঁতৰ প্ৰতিজনকে ক্লান্ত কৰে, কিয়নো নগৰলৈ যোৱা বাটকো তেওঁ চিনি নাপায়।

16হে দেশ, যেতিয়া তোমাৰ ৰজা ল’ৰা মানুহ হয়, আৰু তোমাৰ অধ্যক্ষবিলাকে ৰাতিপুৱাতে ভোজ খায়, তেতিয়া তোমাৰ সন্তাপ হব।

17হে দেশ, যেতিয়া ভদ্ৰ বংশীয় পুত্ৰ তোমাৰ ৰজা হয়, আৰু তোমাৰ অধ্যক্ষবিলাকে মতলীয়া হবৰ নিমিত্তে নহয়, কিন্তু বল বৃদ্ধিৰ নিমিত্তে উচিত সময়ত ভোজন পান কৰে, তেতিয়া তুমি ধন্য।

18এলাহৰ দ্বাৰাই ছাল সোৰোপা পৰে, আৰু সোৰোপালিত ঘৰ উৰুখে।

19আমোদৰ কাৰণে ভোজ পতা হয়, আৰু দ্ৰাক্ষাৰসে জীৱনক হৰ্ষিত কৰে, আৰু ধন সৰ্ব্বসাধক।

20ৰজাক শাও নিদিবা, মনে মনেও নিদিবা; আৰু তোমাৰ শোৱা কোঠালিটো ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি চৰায়ে সেই শব্দ লৈ যাব, ডেউকা লগা জীৱই সেই কথা জনাব।


  Share Facebook  |  Share Twitter

 <<  Ecclesiastes 10 >> 


Bible2india.com
© 2010-2025
Help
Dual Panel

Laporan Masalah/Saran