Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 127 >> 

1যিহোৱাই গৃহ নিৰ্ম্মান নকৰিলে, নিৰ্ম্মান কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।

2মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।

3সন্তানসকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।

4বীৰৰ হাতত কাড়ঁবোৰ যেনে, যুবা সন্তানসকলো তেনে।

5সেই পুৰুষ সুখী, যিজনৰ এনে কাড়েঁসমূহেৰে পূর্ণ কাড়ঁ থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।


  Share Facebook  |  Share Twitter

 <<  Psalms 127 >> 


Bible2india.com
© 2010-2026
Help
Dual Panel

Laporan Masalah/Saran