Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezra 2 >> 

1যি লোক সকলক ৰজা নবোখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।

2তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।

3পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।

4চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।

5আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,

6যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।

7এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।

8জত্তৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।

9জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।

10বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।

11বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।

12অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।

13অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।

14বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।

15আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।

16হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।

17বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।

18যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।

19হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।

20গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।

21বৈৎলেহমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।

22নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।

23অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।

24অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।

25কিৰিয়ৎ আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।

26ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।

27মিক্মচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।

28বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।

29নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।

30মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।

31অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।

32হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।

33লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।

34যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।

35চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।

36পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।

37ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।

38পচহূৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।

39হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোতৰ জন।

40লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মিয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।

41মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।

42দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লূম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।

43যিসকলক মন্দিৰৰ পৰিচৰ্য্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,

44কেৰোচ, চীয়হা, পাদোন,

45লবানা, হগাবা, অক্কুব,

46হাগব, চম্লয়, আৰু হাননৰ, বংশধৰসকল।

47গিদ্দেল, গহৰ, ৰায়া,

48ৰচীন, নকোদা, গজ্জম,