Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 27 >> 

1পাছে ইয়োবে পুনৰায় কথা ফত্থাপন কৰি কলে,

2যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰণত তিতা লগালে, সেই জীৱন্ত ইশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,

3(কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;)

4মোৰ ওঁঠে অধৰ্ম্ম কথা কেতিয়াও নকয়, আৰু মোৰ জিবাই ভাণ্ডনা কথা প্ৰকাশ নকৰে।

5মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।

6মোৰ ধৰ্ম্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে।

7মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্ম্মী দৰে হওক।

8কিয়নো, যেতিয়া অধৰ্ম্মীৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?

9তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে?

10সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ইশ্বৰৰ আগত প্ৰাথনা কৰে?

11ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, মই তাৰ বিষয়ে তোমালোকক শিক্ষ দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।

12চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?

13দুৰ্জন লোকে ইশ্বৰৰ পৰা যি ভাগ পায়, আৰু অত্যাচাৰিবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই,

14তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহেবাঢ়ে, আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়।

15তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।

16যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,

17তেন্তে যুগুত কৰক, কিন্তু ধাৰ্ম্মিক লোকেহে পিন্ধিব, আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি লব।

18সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।

19সি ধনী হৈ শুব, কন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়।

20নান ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে।

21পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।

22কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব।

23লোকে তাক দেখি হাত-তালি দিব, আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।


  Share Facebook  |  Share Twitter

 <<  Job 27 >> 


Bible2india.com
© 2010-2025
Help
Dual Panel

Laporan Masalah/Saran