Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Chronicles 3 >> 

1হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তানসকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্লোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱবৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কাৰ্মিলীয়া অবীগলৰ পুত্র;

2তৃতীয় অবচালোম, তেওঁ গচূৰৰ তলময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনিয়া, তেওঁ হগগীতৰ পুত্র;

3পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;

4দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।

5যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।

6দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,

7নোগহ, নোফগ, যাফিয়া,

8ইলীচামা, ইলীয়াদা, আৰু ইলীফেলট,

9উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।

10চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;

11যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;

12যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;

13আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;

14মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।

15যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকী