Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Chronicles 18 >> 

1তাৰ পাছত দায়ূদে ফিলিষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাৎ আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।

2তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে।

3ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদৰেজৰক হমাতত পৰাজয় কৰিলে।

4দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।

5যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদৰেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে।

6তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে।

7দায়ূদে হদৰেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল।

8হদৰেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।

9যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদৰেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।

10তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ূদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদৰেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।

11দায়ূদ ৰজাই ইদোম, মোৱাব, অম্মোন, ফিলিষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।

12চৰূয়াৰ পুত্ৰ অবীচয়ে লবণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।

13তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ূদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।

14দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায়-বিচাৰ আৰু ধৰ্ম্মনিষ্ঠাৰে পৰিচালনা কৰিলে।

15চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহিলোদৰ পুত্র যিহোচাফট বৃত্তান্ত লিখক আছিল।

16অহীটুবৰ পুত্ৰ চাদোক, আৰু অবীয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;

17যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।


  Share Facebook  |  Share Twitter

 <<  1 Chronicles 18 >> 


Bible2india.com
© 2010-2025
Help
Dual Panel

Laporan Masalah/Saran