Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Nahum 1 >> 

1মই ইলকোচ গাৱঁৰ নহূম। যিহোৱাই মোক দৰ্শনৰ যোগেদি দিয়া নীনবি নগৰৰ বিষয়ে এই এক ঘোষণা।

2যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোঁতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।

3যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।

4তেওঁ সমুদ্ৰক ধমকি দি শুকুৱাই পেলায় আৰু আটাই নদ-নদী শুকান কৰে; বাচানৰ সৈতে কৰ্মিল অৱসন্ন হ'ল আৰু লিবানোনৰ ফুলবোৰো শুকাই গ’ল।

5তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কপেঁ আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।

6তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড কোপত কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড কোপত কোনে থিয় হব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।

7যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলক জানে।

8কিন্তু তেওঁ তেওঁৰ শত্রুসকলক ধল বানপানীৰ দ্বাৰাই সম্পূ্ৰ্ণকৈ শেষ কৰিব আৰু তেওঁ সেই লোকসকলক আন্ধাৰলৈ খেদিব।

9তোমালোকে যিহোৱাৰ বিৰুদ্ধে কি চক্র কৰিছা? তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব; দ্বিতীয়বাৰ সঙ্কট নহ’ব।

10কিয়নো, সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হলেও, সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ’ব।

11যিহোৱাৰ বিৰুদ্ধে কুকল্পনা কৰোঁতা, কু-আলচ কৰোঁতা, তোমালোকৰ এজন নীনবি নগৰৰ পৰাই ওলাল ।

12যিহোৱাই এই কথা কৈছে: যদিও তেওঁলোক শক্তিৰে পূৰ আৰু বহুসংখ্যক হলেও, তেওঁলোকক উচ্ছন্ন কৰা হ’ব আৰু তেওঁলোকৰ কোনো এজনো অৱশিস্ত নাথাকিব। কিন্তু হে যিহূদা, যদিও মই তোমাক দুখ দিলোঁ, মই তোমাক আৰু দুখ নিদিম।

13মই এতিয়া তোমাৰ পৰা তাৰ যুৱলি ভাঙি পেলাম, আৰু তোমাৰ বান্ধবোৰ ছিঙি পেলাম।”

14আৰু হে নীনবি নগৰ, তোমালোকৰ বিষয়ে যিহোৱাই আজ্ঞা দিছে যে, তোমালোকৰ কোনো বংশ-ধৰৰ পৰা তোমালোকৰ নাম ৰাখা নাযাব; মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা-মূৰ্ত্তি আৰু সাচঁত ঢলা মূৰ্ত্তিবোৰ উচ্ছন্ন কৰিম; মই তোমালোকৰ কবৰ খান্দিম, কিয়নো তোমালোক পাপিষ্ঠ।

15চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্রতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব, সি নি:শেষে বিনষ্ট হ’ল।


  Share Facebook  |  Share Twitter

 <<  Nahum 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran