Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Micah 7 >> 

1মোৰ সন্তাপ হল! মোৰ বাবে এইয়া গ্রীষ্মকালৰ ফল চপোৱা, চেৰ পৰা দ্ৰাক্ষাগুটি গোটোৱাৰ পাছত গুটি বিচৰাবিলাকৰ নিচিনা হলোঁ ; খাবলৈ এথোপাও নাই, মোৰ প্ৰাণে হাবিয়াহ কৰা প্ৰথমে পকা ডিমৰু গুটিও নাই ।

2পৃথিবীৰ পৰা সাধু লোক উচ্ছন্ন হল, মানুহবিলাকৰ মাজত ধাৰ্ম্মিক লোক কোনো নাই ; সিহঁত আটায়ে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, সিহঁত প্ৰতিজনে নিজ নিজ ভাইক জালেৰে ধৰিবলৈ চেষ্টা কৰে ।

3সিহঁতৰ হাত দুখন পৰিশ্ৰমেৰে মন্দ কাৰ্য্য কৰিবলৈ যুগুত ; অধিপতিয়ে খোজে, আৰু বিচাৰকৰ্ত্তাই ভেঁটিৰ অৰ্থে কাৰ্য্য কৰে ; আৰু বৰ লোকে নিজৰ মনৰ দুষ্টতা মুখেৰে প্ৰকাশ কৰে ; সিহঁত সকলোৱে মিলি জাল গোঁঠে ।

4সিহঁতৰ মাজৰ উত্তম জন চোৰাতৰ নিচিনা, অতি সৰল জন কাঁইটীয়া জেওৰাতকৈয়ো বেয়া ; তোমাৰ প্ৰহৰীবিলাকৰ দিন, তোমাৰ দণ্ডৰ দিনেই উপস্থিত ; এতিয়া সিহঁত ব্যাকুল হব ।

5তোমালোকে বন্ধুত প্ৰত্যয় নকৰিবা, প্ৰণয়ৰ বন্ধুত বিশ্বাস নকৰিবা ; তোমাৰ বুকুত শোওঁতা জনীৰ পৰা নিজ মুখৰ দুৱাৰ বন্ধ কৰা ।

6কিয়নো পুতেকে বাপেকক অমান্য কৰে, জীয়েক নিজ মাকৰ, আৰু বোৱাৰীয়েকে নিজ শাহুৱেকৰ বিৰুদ্ধে উঠে ; নিজ নিজ পৰিয়ালেই মানুহৰ শত্ৰু হয় ।

7কিন্তু মই হলে, যিহোৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম ; মোৰ ঈশ্বৰে মোলৈ কাণ দিব ।

8হে মোৰ শত্ৰু, মোৰ অহিতে আনন্দ নকৰিবা ; যদিও মই পৰিলোঁ, তথাপি মই আকৌ উঠিম, আৰু যদিও মই আন্ধাৰত বহিছোঁ, তথাপি মোৰ পক্ষে যিহোৱা পোহৰ হব ।

9যিহোৱাই মোৰ অভিযোগ প্ৰতিবাদ, আৰু মোৰ নিমিত্তে বিচাৰ নিষ্পত্তি নকৰালৈকে, তেওঁৰ অহিতে মই পাপ কৰাৰ কাৰণে মই তেওঁৰ ক্ৰোধৰ ভাৰ বম ; তেওঁ মোক পোহৰলৈ আনিব, তাতে মই তেওঁৰ ন্যায় কাৰ্য্য দেখিবলৈ পাম ।

10তেতিয়া, তোমাৰ ঈশ্বৰ ক’ত ? এই বুলি মোৰ আগত কোৱা মোৰ শত্ৰুৱে তাক দেখিব, আৰু সেই শত্ৰুক লাজে ঢাকিব ; মোৰ চকুৱে তাক সন্তোষেৰে চাব ; তাক বাটৰ বোকাৰ নিচিনাকৈ গচকা হব ।

11তোমাৰ গড়বোৰ সাজিবৰ দিন আহিছে ; সেই দিনা আজ্ঞাটি দূৰলৈকে প্ৰচাৰিত হব ।

12সেই দিনা, অচূৰৰ পৰা মিচৰৰ নগৰবোৰলৈকে, মিচৰৰ পৰা নদীখনলৈকে, এক সমুদ্ৰলৈকে, আৰু এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈকে য’ত লোক আছে, সেই সকলোৱেই তোমাৰ ওচৰলৈ আহিব ।

13তথাপি দেশ-নিবাসীবিলাকৰ কাৰণে, তেওঁবিলাকৰ কাৰ্য্যফলৰ কাৰণেই দেশ উচ্ছন্ন হব ।

14অকলশৰীয়া হৈ বাস কৰা তোমাৰ আধিপত্যৰ ভেড়াৰ জাক তোমাৰ প্ৰজাক তুমি লাখুটি লৈ কৰ্মিলৰ মাজত থকা কাঠনিত চৰোওৱা ; তেওঁবিলাকে আগৰ দৰে বাচানত আৰু গিলিয়দত চৰক ।

15তুমি মিচৰৰ পৰা ওলাই অহা দিনা তোমাক দেখুউৱাৰ দৰে মই তেওঁবিলাকক নানা আচৰিত কাৰ্য্য দেখুৱাম ।

16জাতিবিলাকে তাকে দেখি নিজৰ আটাই পৰাক্ৰমৰ বিষয়ে লাজ পাব, মুখত হাত দিব, আৰু সিহঁতৰ কাণ কলা হব ।

17সিহঁতে সাপৰ নিচিনাকৈ ধূলি চেলেকিব, আৰু পৃথিবীৰ বগাই ফুৰা প্ৰাণীৰ নিচিনাকৈ নিজ নিজ গোপনীয় ঠাইৰ পৰা কঁপি কঁপি ওলাব ; সিহঁতে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, আৰু তোমালৈ ভয় কৰিব ।

18অপৰাধ ক্ষমা কৰোঁতা আৰু নিজ আধিপত্যৰ অৱশিষ্ট ভাগৰ দাই এৰি দিওঁতা তোমাৰ নিচিনা ঈশ্বৰ কোন আছে ? তেওঁ দয়া ভাল পোৱাৰ কাৰণে চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে ।

19তেওঁ পুনৰায় ঘূৰি আমাক কৃপা কৰিব, আৰু আমাৰ অপৰাধবোৰ ভৰিৰে গচকিব ; আৰু তুমি তেওঁবিলাকৰ আটাই পাপ সমুদ্ৰৰ গভীৰ জলত পেলাই দিব ।

20তুমি আগৰ কালত আমাৰ পূৰ্ব্ব-পুৰুষবিলাকৰ আগত যি শপত খাইছিলা, সেই শপতৰ দৰে যাকোবলৈ সত্য ব্যৱহাৰ কৰিবা, আৰু অব্ৰাহামক দয়াপ্ৰাপ্ত কৰিবা ।


  Share Facebook  |  Share Twitter

 <<  Micah 7 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran