1যিবোৰে নিজৰ নিজৰ শযাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ শক্তি আছে।
2তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰে; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীক অত্যাচাৰ কৰে।
3সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, যি দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।
4সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ সৈতে ক্রন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব, তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভাগ কৰি দিছে।
5সেই বাবে যিহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।
6“ভাববাণী প্ৰচাৰ নকৰিবা,” তেওঁলোকে কয়, “তেওঁলোকে এইবোৰৰ বিষয়ে নিশ্চয় ভাববাণী প্ৰচাৰ কৰিব নালাগে; ভৰ্তসনা নিশ্চয় আহিব নালাগে।”
7যাকোবৰ বংশক এইদৰে সঁচাই ক’ব লাগে নে? “যিহোৱাৰ আত্মা ক্রোধত আছে নে? এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” যি কোনোৱে ন্যায়ত চলে তেওঁলোকলৈ মোৰ বাক্যই উপকাৰ নকৰিব নে?
8অলপতে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; সৈন্যসকলে নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহাৰ দৰে, যিসকলক সন্দেহ কৰা নাযায় তেনে পথিকৰ পৰা তুমি পোচাক, বস্ত্র খুলি লৈছা;
9তোমালোকে মোৰ লোকসকলৰ মহিলা সকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; তুমি তেওঁলোকৰ তৰুণবয়স্ক সন্তানসকলৰ পৰা মোৰ আশীৰ্ব্বাদ চিৰকাললৈকে কাঢ়ি লৈছা।
10উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; সম্পূৰ্ণ ধ্বংসৰ দ্বাৰাই ইয়াক ধ্বংস কৰা হ’ব।
11মিথ্যা আত্মা আৰু মিছা কথাৰে যদি কোনো এজন তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম,” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
12হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম। গৰালত থকা ভেড়াবোৰৰ দৰে আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
13কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ উলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে উলাই যাব, যিহোৱা তেওঁলোকৰ আগধঁৰোতা হ’ব।