1তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি কলে,
2কোনোৱে তোমাৰ লগত কথা কবলে আগ বাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ তোনে থাকিব পাৰে?
3চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
4তোমাৰ বাক্যই উজুটি খাই পৰিব খোজা লোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল ৰাখিছিলা।
5কিন্তু এতিয়া তোমালৈ তেনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
6তোমাৰ ঈশ্বৰ-ভয়েই জানো তোমাৰ বিশ্বাস-ভুমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
7ভাবি চোৱাচোন, নিৰ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰাবিলাক ক’ত সংহাৰ হৈছিল?
8মই দেখাৰ দৰে হলে, যিবিলাকে অধৰ্ম্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
9সিহঁত ঈশ্বৰৰ ফুঁতে বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসতে সংহাৰ পায়।
10সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
11আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনিৰ পোৱালিবোৰ ঠান ঠান হয়।
12মোলৈ কথা এটা গুপ্তৰূপে আহিল; মোৰ কানত তাৰ ফুচ্ফুচনি পৰিল।
13ৰাতি সপোন দেখাত যোতিয়া ভাবনা আহে, যেতিয়া মানুবিলাক ঘোৰ নিদ্ৰা যায়,
14তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
15যেতিয়া মোৰ আগেদি এক ছাঁ চলি গল; তাতে মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
16সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
17“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্ত্য জানো ধাৰ্ম্মিক হব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হব পাৰে?
18চোৱা, তেওঁ নিজৰ দাসবিলাকতো বিশ্বাস নকৰে, নিজ দুতবিলাকৰো ত্ৰূটিৰ দোষ ধৰে;
19তেন্তে, যিবিলাকে মাটিৰ ঘৰত বাস কৰে, যিবিলাকৰ উৎপত্তি ধূলিত, আৰু য়িবিলাক পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, তেওঁ সিহঁতৰ আৰু কিমান অধিক ত্ৰূটিৰ দোষ ধৰিব!
20প্ৰভাত আৰু সন্ধ্যা কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হয় যায়।
21সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায় ? সিহঁত মৰে, এনে কি, অজ্ঞান অৱস্থাতেই মৰে।“