Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 5 >> 

1মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পৱিত্ৰ লোকৰ মাজত তুমি কালৈ মুখ কৰিবা?

2কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।

3মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।

4তাৰ সন্তানবিলাক নিস্তাৰৰ পৰা দূৰ হল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।

5ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ বেৰাও ভাঙি তাক দিলে, আৰু ফান্দে সিহঁতৰ সম্পত্তিলৈ মুখ মেলিলে।

6কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;

7কিন্তু যেনেকৈ জুইৰ ফিৰিঙ্গটি ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ নিমিত্তে জন্মে।

8কিন্তু মই হোৱা হলে ঈশ্বৰৰ গুড়িলে গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোহেতেন।

9অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্ম্মও ৰেওঁ কৰে; অসংখ্য অদ্ভত কাৰ্য্যও তেওঁ কৰে;

10তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱায়;

11তেওঁ নীহ লোকবিলাকক ওখ কৰে, আৰু শোকাতুৰবিলাক সৌভাগ্যলৈ উন্নত হয়।

12তেওঁ ধূৰ্ত্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।

13তেওঁ জ্ঞানী লোকবিলাকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।

14সিহঁতে দিনতেই আন্ধাৰৰ লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।

15কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমীৰ হাতৰ পৰা দৰিদ্ৰক নিস্তাৰ কৰে।

16এইদৰে দীনহীনে আশা পায় আৰু অধৰ্ম্মই নিজৰ মুখ বন্ধ কৰে।

17চোৱা যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমানৰ শাস্তি হেয়জ্ঞান নকৰিবা।

18কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।

19তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ নকৰিব।

20তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব,

21তুমি জিবাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।

22বিনাশ আৰু দুৰ্ভিক্ষ দেখিলা তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।

23কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।

24তাতে তোমাৰ তম্বু যে কোশলে আছে তাক তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত বুজ ললে, আশাত বঞ্চিত নহবা।

25আৰু তোমাৰ সন্তান-সন্তুতি যে অধিক হব, আৰু তোমাৰ বংশ যে পৃথিবীৰ তৃণৰ দৰে বাঢ়িব, ইয়াকো জানিবলৈ পাবা।

26ডাঙৰি যেনেকৈ উচিত সময়ত নিয়া হয়, তেনেকৈ তোমাকো সম্পুৰ্ণ আয়ুসত মৈদামলৈ নিয়া হব।

27চোৱা, সেয়ে আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; তাক শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।


  Share Facebook  |  Share Twitter

 <<  Job 5 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran