Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  2 Chronicles 30 >> 

1পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।

2কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।

3প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।

4এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।

5এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰচেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।

6পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তানসকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচ্‌চাহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেওঁৱো যেন তোমালোকলৈ ঘূৰি চাব পাৰে।

7তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।

8তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্ম্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।

9কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তানসকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”

10পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবুলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।

11তথাপি আচেৰৰ, মনচিৰ আৰু জবুলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।

12তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।

13পাছত দ্বিতীয় মাহত খমিৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।

14আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।

15পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।

16তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।

17কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।

18কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবুলূনৰ পৰা অহা এই বৃহৎ সমাৱেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক

19যিকোনোৱে ধৰ্ম্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”

20সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।

21এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তানসকলে সাত দিনলৈকে মহা আনন্দেৰে খমিৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।

22আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্য্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।

23পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।

24কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ষাড়, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।

25আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।

26এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।

27পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।


  Share Facebook  |  Share Twitter

 <<  2 Chronicles 30 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran