Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 23 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, দুজনী তিৰোতা আছিল; সিহঁত একেজনী মাকৰে জীয়েক।

3সিহঁতে মিচৰত বেশ্যাকৰ্ম্ম কৰিছিল, যৌৱন কালতেই বেশ্যাকৰ্ম্ম কৰিছিল; তাত সিহঁতৰ পিয়াহ মোচৰা হৈছিল আৰু তাত সিহঁতৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।

4সিহঁতৰ মাজৰ বৰ জনীৰ নাম অহলা [তম্বু], আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা [তাইৰ মাজত মোৰ তম্বু ]; সিহঁত মোৰ হ’ল আৰু সিহঁতে পো-জী প্ৰসৱ কৰিলে। সিহঁতৰ নামে এই বুজায়, অহলা চমৰীয়া, আৰু অহলীবা যিৰূচালেম।

5অহলা মোৰ হৈয়ো, তাই বেশ্যাকৰ্ম্ম কৰিলে; নীলবস্ত্ৰ পিন্ধা, দেশাধিপতি আৰু শাসনকৰ্ত্তা হোৱা তাইৰ ওচৰ-চুবুৰীয়া অচূৰ দেশৰ প্ৰেমকাৰীবোৰত তাই আসক্ত হ’ল;

6সিহঁত সকলোৱেই মনোহৰ যুৱা, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী।

7তাই সিহঁতে সৈতে বেশ্যাকৰ্ম্ম কৰিলে; সিহঁত আটাইবোৰ অচূৰৰ মনোনীত লোক; আৰু তাই যিবোৰত আসক্ত হ’ল, সিহঁতৰ আটাই মুৰ্ত্তিৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।

8মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাই; কিয়নো তাইৰ যৌৱন কালত সিহঁতেই তাইৰ লগত শয়ন কৰি, তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু সিহঁতে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম্ম কৰিছিল।

9এই হেতুকে মই তাইৰ প্ৰেমকাৰীবোৰৰ, তাই আসক্ত হোৱা অচূৰীয়াহঁতৰ হাতত তাইক শোধাই দিলোঁ।

10সিহঁতে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে, তাইৰ পো-জী বিলাকক নিলে আৰু তাইক তৰোৱালেৰে বধ কৰিলে; এইদৰে তাই তিৰোতাবিলাকৰ মাজত দৃষ্টান্তস্বৰূপা হ’ল আৰু দণ্ড ভোগ কৰিলে।

11তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত, আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্ম্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল।

12অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাবিলাকত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াহঁতত তাই আসক্ত হ’ল;

13সিহঁত সকলোৱেই মনোহৰ যুৱা। আৰু মই দেখিলোঁ, তাই অশুচি হ’ল; দুয়ো জনীয়ে একে পথ ললে।

14তাই নিজ বেশ্যালি বঢ়ালে; কিয়নো তাই, দেৱালত অঁকা পুৰুষবিলাকক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কল্দীয়াহঁতৰ নক্সা দেখিলে;

15সিহঁতৰ ককাঁলত টঙালি বন্ধা, মূৰত ওলোমাই পাগুৰী মৰা; সিহঁত সকলোৱেই দেখিবলৈ সেনাপতিৰ নিচিনা, যি বাবিলীয়াহঁতৰ জন্মদেশ কল্দীয়া, সেই বাবিলীয়াহঁত যেন দেখা যায়।

16তাই সিহঁতক দেখিয়েই সিহঁতত আসক্ত হ’ল আৰু কল্দীয়া দেশলৈ সিহঁতৰ গুৰিলৈ দূত পঠালে।

17তাতে বাবিলীয়াহঁতে তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্ম্মেৰে তাইক অশুচি কৰিলে; তাতে, তাই সিহঁতৰ দ্বাৰাই কলুষিত হ’লত তাইৰ মনত সিহঁতলৈ ঘিণ লাগিল।

18এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে; তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল।

19তথাপি তাই মিচৰ দেশত বেশ্যাকৰ্ম্ম কৰা নিজ যৌৱন কাল সোঁৱৰণ কৰি নিজৰ বেশ্যালি বৃদ্ধি কৰিলে।

20গাধৰ মাংসৰ নিচিনা মাংস থকা, আৰু ঘোঁৰাৰ বীৰ্য্যৰ নিচিনা বীৰ্য্য থকা তাইৰ উপপতিবোৰত তাই আসক্ত হ’ল।

21যৌৱন কালৰ পিয়াহ বুলি মিচৰীয়াহঁতে তোমাৰ পিয়াহৰ মূৰ টিপা সময়ত হোৱা তোমাৰ যৌৱন কালৰ ব্যভিচাৰ এইদৰে পুনৰায় কৰিবলৈ তুমি চেষ্টা কৰিলা।

22এই হেতুকে হে অহলীবা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তোমাৰ মনত যি প্ৰেমকাৰী -বোৰলৈ ঘিণ লাগিল, মই সিহঁতক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে সিহঁতক আনিম।

23বাবিলীয়া আৰু আটাই কল্দীয়াহঁতক, পকোদ, চোৱা আৰু কোৱাক আৰু সিহঁতে সৈতে আটাই অচূৰীয়াহঁতক মই আনিম; সিহঁত সকলোৱেই মনোহৰ যুৱা, দেশাধিপতি আৰু শাসনকৰ্ত্তা; সিহঁত সেনাপতি আৰু বিখ্যাত লোক; সিহঁত আটাইবোৰ অশ্বাৰোহী।

24সিহঁতে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী, আৰু লোকসমূহে সৈতে তোমাৰ বিৰুদ্ধে আহিব; সিহঁতে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব; মই সিহঁতৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তাতে সিহঁতে সিহঁতৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব।

25আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্জালা প্ৰজ্বলিত কৰিম; তাতে সিহঁতে তোমালৈ ক্ৰোধ কৰিব, তোমাৰ নাক আৰু কাণ কাটিব, আৰু তোমাৰ অৱশিষ্ট ভাগ তোমাৰ তৰোৱালৰ দ্বাৰাই পতিত হ’ব; সিহঁতে তোমাৰ পো-জীবোৰক নিব আৰু তোমাৰ অৱশিষ্ট ভাগ জুইত পোৰা হ’ব।

26সিহঁতে তোমাক উলঙ্গও কৰিব; আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।

27এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ, আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নাইকিয়া কৰিম; তাতে তুমি সিহঁতলৈ আৰু চকু তুলি নাচাবা, নাইবা মিচৰলৈ আৰু সোঁৱৰণ নকৰিবা।

28কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তুমি হিংসা কৰাবোৰৰ হাতত, যিবোৰলৈ তোমাৰ মনত ঘিণ লাগিল, সিহঁতৰেই হাতত মই তোমাক শোধাই দিম।

29সিহঁতে তোমাক হিংসা কৰিব, তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব, আৰু তোমাক উলঙ্গিনী ও বিবস্ত্ৰতা কৰি এৰিব; তাতে তোমাৰ বেশ্যাকৰ্ম্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব।

30তুমি বেশ্যাহৈ জাতিবিলাকৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি সিহঁতৰ মুৰ্ত্তিবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য্য তোমালৈ কৰা যাব।

31তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।

32প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা; সেই পান পাত্ৰত বহুত ধৰে।

33তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণা হ’বা; তোমাৰ বায়েৰা চমৰিয়াৰ পানপাত্ৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ।

34তুমি তাত পান কৰিবা, চুঁচি খাবা, তাৰ খোলাবোৰ চোবাবা, আৰু স্তন বিদাৰিবা; কিয়নো, প্ৰভূ যিহোৱাই কৈছে, ময়েই ইয়াক কলোঁ।

35এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই নিমিত্তে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্ম্মৰ ফল ভোগ কৰিবা।

36যিহোৱাই মোক আৰু ক’লে হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ নকৰা নে? তেন্তে সিহঁতৰ ঘিণলগীয়া কাৰ্য্যবোৰ সিহঁতক বুজুউৱা।

37কিয়নো সিহঁতে ব্যভিচাৰ কৰিলে, আৰু সিহঁতৰ হাতত তেজ লাগি আছে; সিহঁতে সিবিলাকৰ মুৰ্ত্তিবোৰে সৈতে ব্যভিচাৰ কৰিলে, আৰু সিহঁতে মোৰ নিমিত্তে প্ৰসৱ কৰা সিহঁতৰ সন্তানবিলাক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে।

38সিহঁতে মোলৈ এইটোও কৰিলে, যে, সিহঁতে সেই দিনাই মোৰ ধৰ্ম্মধাম অশুচি কৰিলে, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে।

39কিয়নো, সিহঁতে সিবিলাকৰ মুৰ্ত্তিবোৰৰ উদ্দেশ্যে নিজ নিজ সন্তানবিলাকক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্ম্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে; চোৱা, মোৰ গৃহৰ মাজতে সিহঁতে এই প্ৰকাৰ কৰিলে।

40আৰু ইয়াৰ বাহিৰেও তোমালোক দুজনীয়ে দূৰৰ মানুহক আহিবলৈ মাতিলা, সিহঁতলৈ এজন দূত পঠোৱা হৈছিল; আৰু চোৱা; সিহঁত আহিল; সিহঁতৰ নিমিত্তে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা, আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা;

41আৰু তুমি ৰাজকীয় শয্যাত বহিলা, আৰু তাৰ আগত এখন মেজ সজোৱা হ’লত তাৰ ওপৰত তুমি মোৰ ধুপ মোৰ তেল থলা।

42আৰু নিশ্চিন্তে থকা লোকসমূহৰ কোলাহল তাইৰ তাত শুনা গ’ল, আৰু সামান্য শ্ৰেণীৰ মানুহবিলাকৰ লগত অৰণ্যৰ পৰা মতোৱালবোৰ অনা হ’ল; সিহঁতে সেই দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট দিলে।

43তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, সিহঁতে তাইৰ লগত আৰু তাই সিহঁতৰ লগত এতিয়া বেশ্যাকৰ্ম্ম কৰিব।

44পাছে পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ সিহঁতে তাইত গমন কৰিলে; এইদৰে সিহঁতে সেই ব্যভিচাৰিণী তিৰোতা অহলা আৰু অহলীবাত গমন কৰিলে।

45মানুহে ব্যভিচাৰিণীক ও ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে ধাৰ্ম্মিকবিলাকে সিহঁত দুজনীক দণ্ড দিব; কিয়নো সিহঁত ব্যভিচাৰিণী; আৰু সিহঁতৰ হাতত তেজ লাগি আছে।

46কাৰণ প্ৰভূ যিহোৱাই এই কথা কৈছে, মই সিহঁতৰ বিৰুদ্ধে সমাজক আনিম; আৰু মই সিহঁতক ত্ৰাসৰ বিষয় ও লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম;

47সমাজে সিহঁতলৈ শিল দলিয়াব, আৰু নিজ নিজ তৰোৱালেৰে সিহঁতক ডোখৰ ডোখৰ কৰিব; তেওঁবিলাকে সিহঁতৰ পো-জীবোৰক বধ কৰিব, আৰু জুই দি সিহঁতৰ ঘৰবোৰ পুৰিব।

48এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম; তাতে সকলো তিৰোতাই তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য্য নকৰিবলৈ শিকিব।

49আৰু লোকবিলাকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব, আৰু তোমালোকে তোমালোকৰ মুৰ্ত্তিসম্বন্ধীয় পাপৰ ভাৰ ববা; তাতে, মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা।



 <<  Ezekiel 23 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran