Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 24 >> 

1পুনৰায় নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি এই দিনৰ, এই দিনৰেই নাম লিখা; আজি এই দিনাই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।

3তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি টৌটো বহোৱা, তাক বহোৱা আৰু তাত পানী বাকি দিয়া।

4তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া, উত্তম হাড়বোৰেৰে তাক পূৰ কৰা।

5জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা, আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা, তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত হাড়বোৰ সিজক।

6এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠী নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।

7কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে; তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে, ধূলিৰে ঢাকি ৰাখিবৰ নিমিত্তে মাটিৰ ওপৰত তাক ঢলা নাই।

8প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তুলিবলৈ, তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ নিমিত্তে মই তাক শুদা শিলত ৰাখিলোঁ।

9এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰিম।

10খৰি দমোৱা, জুই বৰকৈ জ্বলোৱা, মাংস ভালকৈ সিজোৱা, জোল ডাঠ কৰা, আৰু হাড়বোৰ জ্বলি যাব দিয়া।

11তাৰ পাছত টৌটো গৰম হ’বলৈ, তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ, আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালিকৈ বহোৱা।

12সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; তাক জুইত দিব লাগে।

13তোমাৰ অশৌচ ব্যভিচাৰযুক্ত; মই তোমাক শুচি কৰিবলৈ যত্ন কৰোঁতা তুমি শুচি নহ’লা, এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশৌচৰ পৰা আৰু শুচি নহ’বা।

14মই যিহোৱাই ইয়াক কলোঁ; এয়ে ঘটিব, আৰু মই ইয়াক সিদ্ধ কৰিম; মই ক্ষান্ত নহ’ম, দয়া নকৰিম, বা মন নাপালটাম; তোমাৰ আচৰণ আৰু কাৰ্য্য অনুসাৰে তোমাক দণ্ড দিয়া যাব, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

15পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

16হে মনুষ্য সন্তান, চোৱা, মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপি তুমি বিলাপ কি ক্ৰন্দন নকৰিবা, আৰু তোমাৰ চকুলো বৈ নাযাওক।

17তুমি হুমুনিয়াহ পেলোৱা; কিন্তু বৰকৈ নহয়; মৃত লোকৰ নিমিত্তে শোক নকৰিবা, তোমাৰ মূৰত পাগুৰি বান্ধা, আৰু ভৰিত জোতা পিন্ধা, তোমাৰ ওঁঠ নাঢাকিবা, আৰু মানুহবিলাকে দিয়া পিঠা নাখাবা।

18ৰাতিপুৱা মই মানুহবিলাকক এইদৰে কলোঁ; গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল, আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা কৰিলোঁ।

19লোকবিলাকে মোক কলে, তুমি যে এইবোৰ কৰিছা, এইবোৰনো আমাত কেনেকৈ খাতিছে? তুমি আমাক নোকোৱা নে?

20তেতিয়া মই তেওঁবিলাকক কলোঁ, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

21তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তোমালোকৰ বলদায়ক অহঙ্কাৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম্ম –ধাম, তাক মই অপবিত্ৰ কৰিম, আৰু তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

22তাতে মই কৰাৰ দৰে তোমালোকেও কৰিবা; তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা, বা মানুহবিলাকে দিয়া পিঠা নাখাবা;

23তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত, আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা, আৰু এজনে আনজনৰ আগত কেঁকাবা।

24এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা।

25আৰু হে মনুষ্য সন্তান, শুনা; যি দিনা মই তোমালোকৰ বল, তেওঁবিলাকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁবিলাকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু, আৰু তেওঁবিলাকৰ পো-জীবিলাকক তেওঁবিলাকৰ পৰা দূৰ কৰিম,

26সেই দিনা পলাই ৰক্ষা পোৱা লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ নাহিব নে?

27সেই দিনা তোমাৰ মুখ পলাই ৰক্ষা পোৱাজনৰ আগত মুকলি হ’ব; তাতে তুমি কথা ক’বা, বোবা আৰু নহ’বা। এইদৰে তুমি তেওঁবিলাকৰ আগত চিনস্বৰূপ হ’বা, আৰু মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।



 <<  Ezekiel 24 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran