1তেওঁ মোক কলে, হে মনুষ্য-সন্তান, ভৰিত ভৰ দি থিয় হোৱা, মই তোমাৰে সৈতে কথা হওঁ।
2তেওঁ মোক কথা কওঁতেই আত্মাই মোৰ অন্তৰত সোমাই মোক থিয় কৰিলে, আৰু মোক কোৱা জনাৰ বাক্য মই শুনিলোঁ।
3তেওঁ মোক কলে, হে মনুষ্য সন্তান, আহাঁ, মই তোমাক ইস্ৰায়েলৰ সন্তানবিলাকৰ গুৰিলৈ, মোৰ অহিতে বিদ্ৰোহ কৰা বিদ্ৰোহী জাতিবিলাকৰ গুৰিলৈ পঠাওঁ; তেওঁবিলাকে আৰু তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকে আজিলৈকে মোৰ অহিতে অপৰাধ কৰি আহিছে।
4সেই সন্তানবিলাক নিলাজ আৰু অবাধ্য; মই তেওঁবিলাকৰ গুৰিলৈ তোমাক পঠাওঁ; তুমি তেওঁবিলাকক ক’বা, প্ৰভূ যিহোৱাই এই কথা কৈছে।
5তেওঁবিলাকে শুনক বা নুশুনক,(কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ), তেওঁবিলাকৰ মাজত যে এজন ভাববাদী উপস্থিত হ’ল, তাক তেওঁবিলাকে জানিব।
6যদিও কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি তোমাৰ লগত আছে, আৰু যদিও কেঁকোৰা-বিছাবোৰৰ মাজত তুমি বাস কৰিছা, তথাপি হে মনুষ্য-সন্তান তুমি তেওঁবিলাকলৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ কথালৈ নকৰিবা; যদিও তেওঁবিলাক বিদ্ৰোহী বংশ, তথাপি তেওঁবিলাকৰ কথালৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ মুখ দেখি ব্যাকুল নহ’বা।
7তেওঁবিলাকে শুনক বা নুশুনক, তুমি মোৰ বাক্য তেওঁবিলাককক ক’বা; কিয়নো তেওঁবিলাক অত্যন্ত বিদ্ৰোহী।
8কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে, মই কোৱা কথা শুনা, সেই বিদ্ৰোহী বংশৰ নিচিনা তুমিও বিদ্ৰোহী নহ’বা; মুখ মেলা, মই তোমাক যি দিওঁ তাক খোৱা।
9তেতিয়া মই চাই দেখিলোঁ, এখন হাত মোলৈ মেলা হৈছে; আৰু চোৱা, সেই হাতত এখন নুৰিওৱা পুথি আছে।
10তেওঁ মোৰ আগত তাক মেলিলে; সেই পুথিখন ইলুটিয়ে সিলুটিয়ে দুই লুটিয়ে লিখা আছিল, আৰু তাত বিলাপ, শোক, আৰু সন্তাপৰ কথা লিখা আছিল।