Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 1 >> 

1ত্ৰিশ বছৰৰ বছৰি চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত দেশান্তৰিত লোকবিলাকৰ মাজত থাকোঁতে, স্বৰ্গ মেলা হ’ল, আৰু মই ঈশ্বৰীয় দৰ্শন পালোঁ।

2যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা,

3কল্দীয়াবিলাকৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ যিহিষ্কেল পুৰোহিতৰ ওচৰলৈ যিহোৱাৰ বাক্য স্পষ্টকৈ আহিল, আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।

4আৰু মই চাই দেখিলোঁ, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহিছে, চিকমিকোৱা অগ্নি আৰু চাৰিওফালে থকা দীপ্তিৰে সৈতে এখন ডাঙৰ মেঘ আহিছে; আৰু তাৰ মাজত, সেই জুইৰ মাজত উজ্জল ধাতু যেন লগা গ’ল।

5আৰু তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা কোনো এক পদাৰ্থ দেখা গ’ল। তেওঁবিলাকৰ আকৃতি এনেকুৱা; তেওঁবিলাকৰ ৰূপ মানুহৰ নিচিনা।

6প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ, আৰু চাৰিখন চাৰিখন ডেউকা;

7তেওঁবিলাকৰ ভৰি পোন, তেওঁবিলাকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা; সেইবোৰে চকা পিতলৰ নিচিনা চকমক কৰিছিল;

8তেওঁবিলাকৰ চাৰিওকাষে ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা হাত আছিল। তেওঁবিলাক চাৰিওজনৰ মুখ আৰু ডেউকা এইৰূপ আছিল,

9তেওঁবিলাকৰ ডেউকা পৰস্পৰে লগালগি, যোৱা সময়ত তেওঁবিলাক কোনো ফালে নুঘূৰে, তেওঁ বিলাক প্ৰতিজনে পোনে পোনে যায়।

10তেওঁবিলাকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, তেওঁবিলাকৰ মুখ মানুহৰ নিচিনা, আৰু সোঁফালে তেওঁবিলাক চাৰিওজনৰে সিংহৰ মুখ, আৰু বাওঁফালে চাৰিওজনৰে গৰুৰ মুখ, আকৌ চাৰিওজনৰে কুৰৰ পক্ষীৰ মুখ আছিল।

11তেওঁবিলাকৰ মুখ আৰু ডেউকা ওপৰৰফালে বেলেগ বেলেগ; প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰে লগালগি, আৰু দুখন দুখন ডেউকাই তেওঁবিলাকৰ গা ঢাকে।

12তেওঁবিলাক প্ৰতিজনে পোনে পোনে যায়; যি ফালে আত্মা যাব খোজে, তেওঁবিলাক সেই ফালেই যায়; যোৱা সময়ত তেওঁবিলাক নুঘূৰে।

13সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপৰ বিযয়ে হ’লে, তেওঁবিলাকৰ আভা জ্বলি থকা জুইৰ আঙঠা আৰু আৰিয়াবোৰৰ নিচিনা; সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰলৈ তলৈ অহা-যোৱা কৰে; সেই জুই উজ্জ্বল, আৰু সেই জুইৰ পৰা বিজুলী ওলায়।

14সেই জীৱিত প্ৰাণী কেইজনৰ গমনা-গমন বিজুলীৰ চমকৰ নিচিনা দেখা যায়।

15মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁবিলাকৰ চাৰিখন মুখৰ প্ৰতিখনৰ প্ৰতিখনৰ নিমিত্তে তেওঁবিলাকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।

16সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা, আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখ যায়; সেই চাৰিওটা একে ৰকমৰ; সেইবোৰৰ আভা, আৰু সেইবোৰৰ গঠন দেখিলে, চক্ৰৰ মাজত চক্ৰ থকা যেন দেখা যায়।

17যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।

18সেইবোৰৰ পুঠিৰ বিষয়ে হ’লে, সেইবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰৰ পুঠিবোৰ চাৰিওফালে চকুৰে ভৰা।

19আৰু প্ৰাণী কেইজন যোৱা সময়ত, চক্ৰ কেইটা তেওঁবিলাকৰ কাষে কাষে চলে; আৰু যেতিয়া প্ৰাণী কেইজন মাটিৰ পৰা দাং খায়, তেতিয়া চক্ৰ কেইটাও দাং খায়।

20য’লৈকে আত্মা যাব খোজে, ত’লৈকে তেওঁবিলাকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁবিলাকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।

21তেওঁবিলাক গ’লে, সেইবোৰো যায়; তেওঁবিলাক ৰ’লে, সেইবোৰো ৰয়; আৰু তেওঁবিলাক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁবিলাকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।

22আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিকৰ বৰণৰ, তেওঁবিলাকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।

23চন্দ্ৰতাপখনৰ তলত তেওঁবিলাকৰ ডেউকা পৰস্পৰৰ ফালে পোন, আৰু গা ঢাকিবৰ নিমিত্তে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।

24তেওঁবিলাক যোৱা সময়ত, মহাজলসমূহৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰেই নিচিনা মই তেওঁবিলাকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্যসামন্তৰ ধ্বনিৰ নিচিনা কোলাহলৰ শব্দ শুনিলোঁ; তেওঁবিলাক ৰোৱা সময়ত তেওঁবিলাকে নিজ নিজ ডেউকা চপায়।

25তেওঁবিলাকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁবিলাক ৰোৱা সময়ত, তেওঁবিলাকে নিজ নিজ ডেউকা চপায়।

26তেওঁবিলাকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ আকৃতিৰে এখন সিংহাসন যেন এক বস্তু আছিল; সেই সিংহাসন যেন বস্তুটোৰ ওপৰত ওখত, এজনা মানুহৰ আকৃতি যেন এক মুৰ্ত্তি তাৰ ওপৰত আছিল।

27আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ নিচিনা জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তলতৈ জুইৰ আকৃতি যেন দেখিলোঁ, আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।

28বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱ যেন পদাৰ্থটোৰ এই ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ, আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।



 <<  Ezekiel 1 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran