Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Titus 3 >> 

1তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন আধিপত্য আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু

2কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাবী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷

3কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ দাস্য-কর্ম্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলো।

4কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্ত্তা ঈশ্বৰৰ মধুৰ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল,

5তেতিয়া আমি কৰা ধর্ম্ম-কর্ম্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷

6তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকর্ত্তা যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে,

7যাতে তেওঁৰ অনুগ্ৰহত আমি ধার্মিক বুলি গনিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হব পাৰো৷

8এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।

9কিন্তু মূঢ় বাদ-বিচাৰ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক।

10দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰিবা;

11তেনেধৰণৰ মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা।

12মই তোমাৰ তালৈ আর্ত্তিমা বা তুখিকক পঠালো, নীকপলিত মোৰ ওচৰলৈ বেগাই আহিব বাবে তুমি যত্ন কৰিবা; কিয়নো মই সেই ঠাইতে জাৰ-কালি কটাবলৈ স্থিৰ কৰিলোঁ।

13পণ্ডিত চিনাক আৰু আপল্লকো অতি যত্নেৰে পঠাবা, যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়।

14আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ কাৰণে প্ৰয়োজনীয় অভাৱ দূৰ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।

15মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰীতি কৰা সকলক মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন৷



 <<  Titus 3 >> 


Bible2india.com
© 2010-2022
Help
Single Panel

Laporan Masalah/Saran