Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 8 >> 

1জ্ঞানৱানৰ তুল্য কোন আছে? কথাৰ অৰ্থ কোনে বুজাব পাৰে ? মানুহৰ প্ৰজ্ঞাই তাৰ মুখ উজ্জল কৰে, আৰু তাৰ মুখৰ কঠিনতাৰ পৰিৱৰ্ত্তন হয়।

2মই তোমাক পৰামৰ্শ দিওঁ, তুমি ৰজাৰ আজ্ঞা পালন কৰা; ঈশ্বৰৰ শপতৰ কাৰণে তাক কৰা।

3তেওঁ আগৰ পৰা গুচি যাবলৈ লৰালৰি নকৰিবা, মন্দ বিষয়ত লাগি নাথাকিবা; কিয়নো তেওঁ নিজ ইচ্ছাৰ দৰে সকলোকে কৰে।

4কাৰণ ৰজাৰ বাক্য প্ৰবল; আৰু আপুনি কি কৰিছে, বুলি তেওঁক কোনো কব পাৰে?

5যি মানুহে আজ্ঞা পালন কৰে, তালৈ অমঙ্গল নঘটে; কিন্তু জ্ঞানৱানৰ মনে হলে, সময় আৰু সোধ-বিচাৰ হব বুলি জানে।

6কিয়নো প্ৰত্যেক বিষয়ৰে সময় আৰু সোধ-বিচাৰ আছে; কাৰণ মানুহ দুষ্টতা অতিশয় অধিক হৈ পৰে।

7কিয়নো কি ঘটিব, তাক তেওঁ নাজানে, কাৰণ প্ৰকাৰে সেয়ে ঘটিব, ইয়াকে তেওঁক কোনে জনাব পাৰে ?

8বতাহক বন্ধ কৰিবলৈ বতাহক ওপৰত কোনো মানুহৰ ক্ষমতা নাই, আৰু মৰণৰ দিনৰ ওপৰতো ক্ষমতা নাই, আৰু সেই যুঁজৰ পৰা এৰণ নাপায়, আৰু দুষ্টতাই নিজত আসক্ত হোৱাটোক নসৰুৱাই।

9মই সেই সকলোকে দেখিলোঁ, আৰু সুৰ্য্যৰ তলত কৰা সকলো কৰ্ম্মলৈ মনোযোগ কৰি বুজিলো, যে, কোনো কোনো সময়ত এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।

10তাত বাজে মই দেখিলো, যে, দুষ্টবোৰে মৈদাম পাই পৰলোকলৈ গ’ল; কিন্তু সদাচাৰী বিলাকৰ পবিত্ৰস্থানৰ পৰা যোৱাত, নগৰত তেওঁবিলাকৰ সোঁৱৰণ লুপ্ত হ’ল। ইও অসাৰ।

11কুকৰ্ম্মৰ দণ্ডাজ্ঞা বেগাই সিদ্ধ নোহোৱাত, মনুষ্য-সন্তানবিলাকৰ মন কুকৰ্ম্মত সম্পুৰ্ণকৈ আসক্ত হয়।

12পাপীয়ে এশবাৰ কুকৰ্ম্ম কৰিও যদি দীৰ্ঘকাল জীয়াই থাকে, তথাপি মই হ’লে নিশ্চয়ে জানো যে, ঈশ্বৰৰ যি ভয়কাৰী লোকবিলাকে তেওঁৰ সক্ষাতে ভয় ৰাখে, তেওঁবিলাকৰ মঙ্গল হব;

13কিন্তু দুষ্টলোকৰ মঙ্গল নহব, আৰু সি নিজৰ ছাঁৰূপ আয়ুস বৃদ্ধি নকৰিব, কাৰণ সি ঈশ্বৰৰ সাক্ষাতে ভয় নাৰাখে।

14পৃথিবীত এই অসাৰতা চলি আছে, যে, কোনো কোনো ধাৰ্ম্মিক লোকলৈ দুষ্টবোৰৰ কৰ্ম্ম অনুসাৰে ঘটনা ঘটে, আৰু কোনো কোনো দুষ্ট লোকলৈ ধাৰ্ম্মিকবিলাকৰ কৰ্ম্ম অনুসাৰে ঘটে; মই ক’লো, ইও অসাৰ।

15তেতিয়া মই আনন্দৰ প্ৰশংসা কৰিলোঁ; কিয়নো ভোজন-পান আৰু আনন্দ কৰাতকৈ সুৰ্য্যৰ তলত মনুষ্যৰ আৰু ভাল নাই; কাৰণ সুৰ্য্যৰ তলত ঈশ্বৰে দিয়া তাৰ আয়ুসৰ সকলো কালত নিজৰ পৰিশ্ৰমত তাৰে সৈতে এয়েহে থাকিব।

16মই যেতিয়া প্ৰজ্ঞাৰ তত্ব জানিবলৈ আৰু পৃথিবীত প্ৰচলিত ব্যৱসায় (কিয়নো কোনো কোনো লোকৰ দিন কি ৰাতি চকুত টোপনি নাহে; ) চাবলৈ মন দিলোঁ,

17তেতিয়া মই ঈশ্বৰৰ সকলো কাৰ্য্য দেখি বুজিলোঁ, যে, সুৰ্য্যৰ তলত যি কাৰ্য্য কৰা যায়, মানুহে তাৰ তত্ব উলিয়াব নোৱাৰে। কিয়নো মানুহে তাক অনুসন্ধান কৰিবলৈ যিমান কি পৰিশ্ৰম কৰক, তথাপি তাৰ তত্ব উলিয়াব নোৱাৰে; এনে কি, জ্ঞানৱান লোকেও তাক জানিবলৈ স্থিৰ কৰিলে তাৰ তত্ব উলিয়াব নোৱাৰে।



 <<  Ecclesiastes 8 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran