Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Mark 11 >> 

1যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্ব্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে;

2আৰু তেওঁলোকক এই আদেশ দি ক'লে - "তোমালোকে সন্মুখৰ গাওঁখনলৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।

3কোনোবাই যদি তোমালোকক কয়,“এইটো কিয় মেলিছা”? তেতিয়া তোমালোকে ক’বা, 'প্ৰভুৰ ইয়াক প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব।'"

4তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে।

5এনেতে, তাত থিয় হৈ থকা লোক সকলে ক’লে, "তোমালোকে গাধ পোৱালি মেলি কি কৰা?"

6তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক ক’লে, তেতিয়া তেওঁলোকে আনিবলৈ এৰি দিলে।

7পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত বহিল।

8অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি পথত পাৰি দিলে।

9যি সকল লোক তেওঁৰ আগে পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক'বলৈ ধৰিলে, "জয়! জয়! যিজন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;

10আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে, সেই জনো ধন্য! উৰ্দ্ধলোকত জয়-ধ্বনি হওঁক।

11এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধ্যা হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়ালৈ ওলাই গ’ল।

12পাছদিনা খন তেওঁলোক বৈথনিয়াৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।

13তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গ’ল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।

14তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, "এতিয়াৰ পৰা কোনেও তোৰ ফল কেতিয়াও নাখাওঁক।" তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে।

15পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে;

16তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে।

17তেওঁ উপদেশ দি তেওঁলোকক ক’লে, "এনেদৰে লিখা নাই নে?, 'যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা।"

18এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমুহে তেওঁৰ উপদেশত বিস্ময় মানিছিল।

19আৰু সন্ধ্যা হ’লেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।

20ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোতে, সেই ডিমৰু গছজোপা শিপাই সৈতে শুকাই যোৱা দেখিলে।

21তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, "ৰব্বি, চাওঁক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল।

22যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;

23মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্ব্বতটোক কয়, ইয়াৰ পৰা উঠি সাগৰত পৰগৈ, আৰু মনত সংশয় নকৰি যি কয়, সেয়ে ঘটিব বুলি যদি বিশ্বাস কৰে, তেন্তে সেয়ে ঈশ্বৰে তেওঁলৈ সিদ্ধ কৰিব।

24এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালো বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,

25আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।

26কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেন্তে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷

27এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোঁতে, প্ৰধান পুৰোহিত, অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে,

28"আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?"

29তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "মই আপোনালোকক এটা কথা সোধোঁ, আপোনালোকে মোক উত্তৰ দিয়ক; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক ক’ম।

30যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল? মোক উত্তৰ দিয়ক।

31তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, "স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেন্তে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব।

32কিন্তু মানুহৰ বুলি ক’ম নে?" তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।

33পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, "আমি নাজানো।" তাতে যীচুৱেও তেওঁলোকক ক’লে, "মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।"



 <<  Mark 11 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran