Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Malachi 2 >> 

1এতিয়া, হে পুৰোহিতসকল, তোমালোকৰ প্রতি এই আজ্ঞা।

2বাহিনীগণৰ যিহোৱাই কৈছে, “মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলো; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।

3চোৱা, মই তোমালোকৰ কাৰণেই তোমালোকৰ বংশধৰসকলক শাস্তি দিম। তোমালোকৰ মুখত মই উৎসৱৰ উৎসর্গিত পশুৰ বিষ্ঠা লিপি দিম আৰু তাৰেই সৈতে তোমালোকক লৈ যোৱা হ’ব।”

4“তোমালোকে জানিবা যে, মই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠাইছো যাতে লেবীৰ সৈতে স্থাপন কৰা মোৰ ব্যৱস্থা চলি থাকে।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।

5“লেবীৰ লগত মই যি ব্যৱস্থা স্থাপন কৰিছিলো, সেয়া জীৱন আৰু শান্তিৰ ব্যৱস্থা; মই তেওঁক সেই দুয়োকো দিছিলো; তেওঁ মোক যাতে ভয় কৰে, ই এক ভয়ৰ ব্যৱস্থাও; তেওঁ মোক সচাঁই ভয় কৰিছিল আৰু মোৰ নামত ভীত হৈছিল।

6তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল।

7এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেওঁৱেই মোৰ অর্থাৎ বাহিনীগণৰ যিহোৱাৰ বার্তাবাহক।

8কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।

9“সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলো; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”

10আমাৰ সকলোৰে পিতৃ এজনা নহয় জানো? এজনা ঈশ্বৰেই জানো আমাক স্ৰজন কৰা নাই? তেন্তে আমি কিয় প্রতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰি আমাৰ পৈতৃক ব্যৱস্থাক অপবিত্ৰ কৰো?

11যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্রেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে।

12যি ব্যক্তিয়ে এনেৰূপ কাৰ্য্য কৰে, তেওঁ যদিও বাহিনীগণৰ যিহোৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও যিহোৱাই যাকোবৰ বংশৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিব।

13আপোনালোকৰ আন এটা অপকর্ম এই। আপোনালোকে চকু-লো, ক্ৰন্দন আৰু বিলাপেৰে যিহোৱাৰ যজ্ঞবেদী সম্পূর্ণকৈ তিয়াঁই পেলায়; সেই কাৰণে আপোনালোকে যি উৎসর্গ কৰে তেওঁ তাৰ প্রতি দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ আপোনালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে।

14আপোনালোকে কয়, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা আপোনালোক প্রত্যেকজন লোকৰ আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ আপোনাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা আপোনাৰ ভার্যা, তথাপিও আপুনি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছে।

15যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব।

16“কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব।

17আপোনালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছে। তথাপিও আপোনালোকে কৈছে, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছো?” আপোনালোকে এইভাৱে কৰিছে- আপোনালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা আপোনালোকে কৈছে, “ন্যায়-বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”



 <<  Malachi 2 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran