Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  The Song of Songs 4 >> 

1হে মোৰ প্ৰিয়া, চোৱা, তুমি সুন্দৰী, চোৱা, তুমি সুন্দৰী |ওৰণিৰ ভিতৰত থকা তোমাৰ চকু যোৰি দুটিকপৌৰ নিচিনা; তোমাৰ কেশ গিলিয়দ পৰ্ব্বতৰ চালত শুই থকা ছাগ এজাকৰ নিচিনা |

2তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা, আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধোৱাই আনি নতুনকৈ নোম কটা এনে ভেৰা এজাকৰ নিচিনা |

3তোমাৰ ওঁঠ দুখন ৰঙা বৰণীয়া এডাল সূতাৰ নিচিনা | আৰু তোমাৰ মুখখনি অতি মনোহৰ; ওৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডুখৰিৰ নিচিনা |

4যি ঘৰৰ ওপৰত এক হাজাৰ ঢাল, আটাই মহাবীৰবিলাকৰ ঢাল অৰা আছে, তোমাৰ ডিঙি অস্ত্ৰ-ভৰালৰ নিমিত্তে সজা দায়ুদৰ স্তম্ভস্বৰুপ সেই ওখ ঘৰৰ নিচিনা |

5তোমাৰ স্তন দুটি, একে-লগে জগা, কনাৰি ফুলনিত চৰা দুটি মৃগ পোৱালিৰ নিচিনা |

6দিন জুৰ নপৰেমানে, আৰু ছাঁবোৰৰ নুগুচেমানে, মই গন্ধৰসৰ পৰ্ব্বত আৰু কুন্দুৰুৰ পৰ্ব্বতলৈ যাওঁ |

7হে মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো কলঙ্ক নাই |

8হে কন্যা লিবানোনৰ পৰা মোৰ লগতেই আহাঁ; অমানাৰ টিঙৰ পৰা, চনীৰ আৰু হৰ্মোণৰ টিঙৰ পৰা, সিংহবোৰৰ গাঁতৰ ওচৰৰ পৰা, আৰু নাহৰ-ফুটুকী বাঘবোৰৰ পৰ্ব্বতৰ পৰা দৃষ্টি কৰা;

9হে মোৰ ভনীস্বৰুপা কন্যা, তুমি মোৰ মন মোহিত কৰিছা, তোমাৰ চকুৰ এক কটাক্ষেৰে, তোমাৰ ডিঙিৰ এধাৰ হাৰেৰে মোৰ মন মোহিত কৰিছা |

10হে মোৰ ভনীস্বৰুপাকন্যা, তোমাৰ প্ৰেম কেনে মনমোহা | তোমাৰ প্ৰেম দ্ৰাক্ষাৰসতকৈয়ো কেনে উত্তম | তোমাৰ নানাবিধ সুগন্ধি তেলৰ ঘ্ৰাণ সকলো প্ৰকাৰ সুগন্ধি দ্ৰব্যতকৈয়ো কেনে উত্তম |

11হে কন্যা, মৌৰ কোঁহৰ পৰা পৰাৰ দৰে তোমাৰ ওঁঠৰ পৰা টোপা-টোপে মৌ পৰে; তোমাৰ জিবাৰ আগত মৌ আৰু গাখীৰ আছে, আৰু তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ গন্ধৰ নিচিনা |

12মোৰ ভনীস্বৰুপা কন্যা তলা-চাবি মাৰি বন্ধ কৰা উদ্যান, তলা-চাবি মাৰি বন্ধ কৰা নাদ, মোহৰ মৰা ভুমূকস্বৰুপ |

13তোমাৰ পুলিবোৰ উপবনস্বৰুপ; তাত উত্তম উত্তম গুটি লগা ডালিম গছ আছে; তাত জেতুকা আৰু জটামাংসী গছ আছে;

14আৰু জটামাংসীৰ লগত কুঙ্কুম, সুগন্ধি বচ, ডালচেনি, আৰু আটাই বিধৰ কুন্দুৰুকী, গন্ধৰস, অগুৰু আদি সকলো বিধৰ প্ৰধান প্ৰধান সুগন্ধি গছ আছে |

15তুমি উদ্যানৰ ভূমূক, জীবন জলৰ নাদ, আৰু লিবানোনৰ পৰা বৈ অহা জুৰিস্বৰুপ |

16হে উত্তৰৰ বায়ু, সাৰ পোৱা, হে দক্ষিণৰ বায়ু, আহাঁ, সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ ওলাবৰ নিমিত্তে মোৰ উদ্যানত বলোৱা | মোৰ প্ৰিয়ই নিজ উদ্যানলৈ আহি সোমাওক, আৰু নিজৰ উত্তম ফলবোৰ ভোজন কৰক |



 <<  The Song of Songs 4 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran