Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Habakkuk 2 >> 

1মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম, আৰু তেওঁ মোক কি ক’ব, আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘুৰিব পাৰো, সেই বিষয়ে মই সাৱধানতাৰে চাম।

2যিহোৱাই মোক উত্তৰ দি কলে, এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনো এজনে খৰকৈ পঢ়িব পাৰে।

3কাৰণ এই দৰ্শন ভবিষ্যত সময়ৰ বাবে আৰু শেষত এই দৰ্শন বিফল নোহোৱাকৈ সিদ্ধ হ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰিবা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।

4চোৱা, মানুহৰ আত্মা অহঙ্কাৰী হয় আৰু নিজৰ অন্তৰেই ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।

5কাৰণ সুৰাই গৰ্ব্বী যুৱকক বিশ্বাসঘাতক কৰে; সেয়ে তেওঁ সহ্য নকৰে, কাৰণ তেওঁ নিজৰ অভিলাষ সমাধি আৰু মৃত্যুৰ দৰে সম্প্রসাৰিত কৰে, যি কেতিয়াও সন্তোষ্ট নহয়। তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটাই,

6এই সকলো লোক তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক প্রচলিত বাক্য নক’ব নে? তেওঁলোকে ক’ব, ‘যি নিজৰ নহয়, তেনে অভিশাপ যিজনে বৃদ্ধি কৰে! তেনেহ’লে তুমি কিমান দিন অঙ্গীকাৰৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা?

7যিজনে তোমাৰ অহিতে দাঁতকৰচে তেওঁ অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে তেওঁ জাগ্রত নহ’ব নে? তুমি তেওঁলোকৰ বাবে প্রতাৰিত লোক হ’বা!

8তুমি অনেক দেশ লুট কৰাৰ কাৰণে লোকসকলৰ অৱশিষ্ট লোকে তোমাক লুট কৰিব; মানুহৰ ৰক্তপাতৰ কাৰণে, দেশ, গাঁও, আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এয়ে সিদ্ধ হ’ব।

9অমঙ্গলৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ, তেওঁ ওখ ঠাইত নিজৰ বাসস্থান স্থাপন কৰে, যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে তেওঁৰ সন্তাপ হব।

10অনেক লোকক উচ্ছন্ন কৰিবলৈ তুমি তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা, আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা।

11দেৱালৰ মাজৰ পৰা শিলে চিঞৰি কান্দিব, আৰু কাঠৰ মাজৰ পৰা চটিয়ে তাৰ উত্তৰ দিব।

12ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হব।

13লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে, আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে ক্লান্ত হয়, এয়ে বাহিনীসকলৰ যিহোৱাৰ পৰা নহয় নে?

14সমুদ্ৰ যেনেকৈ পানীৰে ভৰপুৰ, সেইদৰে পৃথিৱীখন যিহোৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হব ।

15যি জনে নিজৰ চুবুৰীয়াৰ বিবস্ত্ৰতা চাবৰ বাবে তেওঁক সুৰা পান কৰায়, মতলীয়া নোহোৱালৈকে বিহ দি তেওঁক সুৰা পান কৰায় থাকে, সেই জনৰ সন্তাপ হব।

16তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ’বা; তুমিও পান কৰা, আৰু তোমাৰ নিজৰ বিৱস্ত্রতা প্রকাশ কৰা! যিহোৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব, আৰু অপমানে তোমাৰ সন্মান ছানি ধৰিব।

17লিবানোনলৈ কৰা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা; মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰ, আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবেই এইদৰে ঘটিব।

18কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে, যে তাৰ বাবে নিৰ্মাণকাৰীয়ে তাক কাটে? বা গলোৱা ধাতুৰ পৰা প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কাৰ্মত বিশ্বাস কৰে।

19যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।

20কিন্তু যিহোৱা নিজৰ প্ৰবিত্ৰ মন্দিৰত আছে; সমুদাই পৃথিৱী তেওঁৰ আগত নিজম দি থাকক।



 <<  Habakkuk 2 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran