Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 John 2 >> 

1হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।

2তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে।

3আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।

4কোনোৱে যদি কয়, “মই ঈশ্বৰক জানো”, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷

5কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম সত্য ৰূপত সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।

6মই তেওঁত থাকোঁ, এই বুলি যি কোনোৱে কয়, তেওঁ যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।

7হে প্ৰিয় সকল, মই আপোনালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা আপোনালোকে যি পাই আহিছে, এনে পুৰণি আজ্ঞাকে লিখিছোঁ; আপোনালোকে আগেয়ে যি বাক্য শুনিলে, সেয়ে এই পুৰণি আজ্ঞা।

8অৱশ্যে মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ হ’ব ধৰিছে৷

9মই পোহৰতে আছোঁ, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে।

10যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই।

11কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।

12হে প্রিয় সন্তান সকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷

13হে পিতৃ সকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যি জন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱক সকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে পাপ আত্মাক জয় কৰিলা৷ হে শিশু সকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃক জানিলা৷

14হে পিতৃ সকল, যি জন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে অাপোনালোকলৈ লিখিলোঁ। হে ডেকা সকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে পাপ আত্মাক জয় কৰিছা; এই কাৰণে তোমালোকলৈ লিখিলোঁ।

15আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই।

16কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।

17জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।

18হে শিশু সকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টাৰি আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰি আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।

19তেওঁলোক আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।

20কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষিক্ত হৈছে, আৰু আপোনালোকে সত্যক জানে।

21অাপোনালোকে সত্যক নাজানে বুলি যে মই এইবোৰ আপোনালোকলৈ লিখিছোঁ, এনে নহয়; কিন্তু অাপোনালোকে সত্যক আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছে কাৰণেহে মই লিখিলোঁ৷

22যীচু সেই অভিষিক্ত জন বুলি যি জনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টাৰি; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে।

23যি জনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃকো পোৱা নাই; কিন্তু যি জনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃকো পালে।

24আপোনালোকে আদিৰে পৰা যি যি শুনিলে, সেয়ে আপোনালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা আপোনালোকৰ অন্তৰত যদি থাকে, তেনেহলে আপোনালোকে পুত্ৰত আৰু পিতৃতো থাকিব,

25আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন।

26যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ।

27তেওঁৰ পৰা আপোনালোক অভিষিক্ত হোৱাত, আৰু সেই অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেয়ে সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷

28আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তান সকল আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷

29যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷



 <<  1 John 2 >> 


Bible2india.com
© 2010-2022
Help
Single Panel

Laporan Masalah/Saran