Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 42 >> 

1পাছে তেওঁ মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি, আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নি,

2এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰিলে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত।

3সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলল পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল।

4আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল।

5ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত টেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল।

6কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ নিচিনা সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল।

7আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত, আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল।

8কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত।

9বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়।

10চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল।

11এইবোৰৰ আগত যি এটা বট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল, আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ নিচিনা, আৰু সেই ৰকমেই।

12বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়।

13পাছে তেওঁ মোক কলে, পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতবিলাকে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁবিলাকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপৰ্থক বলি, আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।

14যেতিয়া পুৰোহিতবিলাক পবিত্ৰস্থানত সোমায়, তেতিয়া তেওঁবিলাকে তেওঁবিলাকৰ পৰিচৰ্য্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁবিলাকে আন বস্ত্ৰ পিন্ধি লোকবিলাকৰ ঠাইলৈ যায়।

15পাছে তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি নোক উলিয়াই নিলে, আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।

16তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।

17তেওঁ ঘূৰি উত্তৰফলে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।

18তেওঁ দক্ষিণফালে পৰিমাণ-নলেৰে জুখি পাঁচশ হাত পালে।

19আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ-নলেৰে জুখি পাঁচশ হাত পালে।

20তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।



 <<  Ezekiel 42 >> 


Bible2india.com
© 2010-2025
Help
Single Panel

Laporan Masalah/Saran