Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 15 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?

3কোনো কাৰ্য্য কৰিবলৈ মানুহে জানো তাৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুঁটি আনিব?

4চোৱা, তাক পুৰিবলৈ জুইত দিয়াৰ পাছত জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ ডেই গ’লে সেয়ে জানো কোনো কাৰ্য্যৰ যোগ্য হ’ব?

5চোৱা, সেয়ে সম্পৰ্ণ থাকোঁতেও কোনো কাৰ্য্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে ডেই গ’লে কোনো কামৰ নিমিত্তে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?

6এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে,কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীবিলাককো কৰিম।

7মই তেওঁবিলাকৰ বিৰুদ্ধে মুখ কৰিম; তেওঁবিলাক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুয়ে তেওঁবিলাকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁবিলাকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে, যিহোৱা, তাক তোমালোকে জানিবা।

8আৰু তেওঁবিলাকে সত্য লঙ্ঘন কৰা বাবে, মই দেশ উচ্ছন্ন কৰিম, ইয়াক যিহোৱাই কৈছে।



 <<  Ezekiel 15 >> 


Bible2india.com
© 2010-2026
Help
Single Panel

Laporan Masalah/Saran