Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 87 >> 

1যিহোৱাই পবিত্ৰ পৰ্ব্বতশ্রেণীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।

2যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।

3হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)

4“মই মোৰ চিনাকিসকলৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; ফিলিষ্টীয়া, তুৰ আৰু ইথিওপিয়াৰ (কুচক) কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে।’”

5এনে কি, চিয়োনৰ বিষয়েও এইবুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”

6যিহোৱাই জাতিসমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)

7গায়ক আৰু নাচনীসকলে একেভাৱে কব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”



 <<  Psalms 87 >> 


Bible2india.com
© 2010-2026
Help
Single Panel

Laporan Masalah/Saran