Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 126 >> 

1যিহোৱাই যেতিয়া চিয়োনক পুণৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লোঁ।

2তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে।”

3যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে; সেয়ে আমি আনন্দ কৰিলো।

4হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।

5যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দধ্বনিৰে দাব।

6যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দগানেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।



 <<  Psalms 126 >> 


Bible2india.com
© 2010-2025
Help
Single Panel

Laporan Masalah/Saran