Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Zephaniah 1 >> 

1যিহূদাৰ ৰজা আমোনৰ পুত্ৰ যোচিয়াৰ ৰাজত্বৰ সময়ত, হিষ্কিয়াৰ বৃদ্ধ পৰিনাতি, অমৰিয়াৰ পৰিনাতি, গদলিয়াৰ নাতি কুচীৰ পুত্ৰ চফনিয়ালৈ অহা যিহোৱাৰ বাক্য।

2যিহোৱাই কৈছে, মই পৃথিৱীৰ পৰা সকলোকে নিঃশেষে সংহাৰ কৰিম।

3মই মানুহ আৰু জন্তুক সংহাৰ কৰিম; মই আকাশৰ পক্ষী, সমুদ্ৰৰ মাছ, আৰু দুষ্টবোৰে সৈতে উজুটি খোৱা মুড়াবোৰ সংহাৰ কৰিম; হয়, যিহোৱাই কৈছে, মই পৃথিৱীৰ পৰা মানুহক উচ্ছন্ন কৰিম।

4আৰু মই যিহূদাৰ আৰু যিৰূচালেম-নিবাসীবিলাকৰ বিৰুদ্ধে মোৰ হাত মেলিম, আৰু এই ঠাইৰ পৰা বালৰ অৱশিষ্ট ভাগ, আৰু পুৰহিতবোৰে সৈতে দেৱদেবীৰ পুৰোহিতবোৰৰ নাম লুপ্ত কৰিম;

5আৰু যিবোৰে ঘৰৰ চালৰ ওপৰত আকাশৰ বাহিনীবিলাকৰ আগত প্ৰণিপাত কৰে, আৰু যি প্ৰণিপাতকাৰীবোৰে যিহোৱাৰ আগত শপত খায়, আৰু মলকমৰ নামেৰেও শপত খায়,

6যিবোৰে যিহোৱাৰ পাছত চলাৰ পৰা বিমুখ হয়, আৰু যিবোৰে যিহোৱাক বিচৰা নাই, বা তেওঁৰ অনুসন্ধান লোৱা নাই, সেই আটাইবোৰক মই উচ্ছন্ন কৰিম।

7তুমি প্ৰভু যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো যিহোৱাৰ দিন ওচৰ; কাৰণ যিহোৱাই এক যজ্ঞ আয়োজন কৰি নিজৰ নিমন্ত্ৰিত লোকবিলাকক পবিএ কৰিলে ।

8যিহোৱাৰ সেই যজ্ঞৰ দিনা মই প্ৰধান লোকবিলাকক, ৰাজকোঁৱৰবিলাকক, আৰু বিদেশী সাজ পিন্ধা আটাইবোৰক দণ্ড দিম।

9আৰু দুৱাৰডলিৰ ওপৰেদি জাঁপ মৰা আটাইবোৰক, অত্যাচাৰ আৰু প্ৰবঞ্চনাৰ ফলেৰে নিজৰ প্ৰভুৰ ঘৰ পূৰ কৰাবোৰক সেই দিনা মই দণ্ড দিম।

10যিহোৱাই কৈছে, সেই দিনা মৎস্য-দুৱাৰৰ পৰা চিঞঁৰি কন্দাৰ শব্দ, আৰু দ্বিতীয় খণ্ডৰ পৰা হাহাকাৰৰ, আৰু পৰ্ব্বতবোৰৰ পৰা মহাভাঙৰ শব্দ হব।

11হে মকটেচ-নিবাসীবিলাক, তোমালোকে হাহাকাৰ কৰা; কিয়নো আটাই কনানীয়া জাতি নষ্ট হল, ৰূপ বৈ অনা আটাইবোৰ উচ্ছন্ন হল।

12সেই সময়ত মই চাকি লগাই যিৰূচালেমক বিচাৰিম, আৰু নিজৰ গেদৰ ওপৰত সুস্থিৰে থকা মানুহবোৰক, যিহোৱাই ভাল কি বেয়াও নকৰিব বুলি মনতে কোৱাবোৰক দণ্ড দিম।

13সিহঁতৰ ধন সম্পত্তি লুট কৰা হব, আৰু সিহঁতৰ ঘৰবোৰ ধ্বংসস্থান হব; এনে কি, সিহঁতে ঘৰ সাজিব কিন্তু তাত বাস কৰিবলৈ নাপাব, দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।

14যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে; শুনা, সেইয়া যিহোৱাৰ দিনৰ শব্দ; সৌৱা, বীৰে মনৰ বেজাৰত চিঞঁৰি কান্দিছে।

15সেই দিন ক্ৰোধৰ দিন, সঙ্কট আৰু ক্লেশৰ দিন, উচ্ছন্ন আৰু ধ্বংসৰ দিন, আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন, শিঙা-ধ্বনি আৰু সিংহনাদৰ দিন,

16আৰু গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হব।

17আৰু মানুহবিলাকে যিহোৱাৰ অহিতে পাপ কৰাৰ কাৰণে মই সিহঁতক এনেকৈ ক্লেশ দিম, যে, সিহঁত অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব; আৰু সিহঁতৰ তেজ ধূলিৰ নিচিনাকৈ, আৰু সিহঁতৰ মাংস গোবৰৰ নিচিনাকৈ বাকি পেলোৱা হব ।

18যিহোৱাৰ ক্ৰোধৰ দিনা সিহঁতৰ ৰূপ বা সোণে সিহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই দেশ গ্ৰাসিত হব; কিয়নো তেওঁ দেশ-নিবাসী আটাইবোৰৰ অন্ত কৰিব, এনে কি, বেগেৰে অন্ত কৰিব।


  Share Facebook  |  Share Twitter

 <<  Zephaniah 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran