Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Joshua 15 >> 

1দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তানসকলৰ জনগোষ্ঠীৰ সীমা নিৰূপণ কৰা হ’ল।

2তেওঁলোকৰ দক্ষিণ সীমা লৱণ সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।

3অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷

4পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷

5যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷

6এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷

7পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়ি-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।

8তাৰ পাছত সেই সীমা বিন-হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷

9পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷

10পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎ-শেমশে হৈ তিম্নৰ কাষেৰে গ’ল৷

11আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।

12পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা জনগোষ্ঠীৰ সন্তানসকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।

13পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তানসকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ (সেই অৰ্ব্ব অনাৰ পিতৃ আছিল)৷

14কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহীমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।

15পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল (পূৰ্ব্বে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল)৷

16সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”

17তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।

18সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”

19তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।

20এয়ে যিহূদা সন্তানসকলৰ নিজ নিজ জনগোষ্ঠী অনুসাৰে তেওঁলোকৰ সন্তানসকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।

21ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা জনগোষ্ঠীৰ নগৰসমূহ কৱচেল, এদৰ, যাগূৰ,

22কীনা, দীমোনা, অদাদা,

23কেদচ, হাচোৰ, যিৎনন,

24জীফলম, টেলন, বালোৎ৷

25হাচোৰ-হদত্তা, কৰিয়োৎ-হিষ্ৰোণ অৰ্থাৎ হাচোৰ,

26অমাম, চমা, মোলদা,

27হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,

28হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷

29বালা, ইয়ীম, এচম,

30ইল্‌তোলদ, কচীল, হৰ্মা,

31চিক্লগ, মদ্‌মন্না, চন্‌চন্না,

32লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ (২৯)৷

33পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,

34জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,

35যৰ্মুৎ, অদ্দুলম, চোকো, অজেকা,

36চাৰয়িম, অদীথয়িম আৰু গদেৰা (গদেৰোথয়িম)৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌদ্ধখন (১৪)৷

37চনান, হদাচা, মিগ্দল-গাদ,

38দিলিয়ন, মিস্‌পী, যক্তেল,

39লাখীচ, বস্কৎ, ইগ্লোন৷

40কব্বোন, লহমম, কিৎলীচ,

41গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন (১৬)৷

42লিব্‌না, এথৰ, আচন,

43যিপ্তহ, অস্না, নচীব,

44কয়ীলা, অক্জীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন (৯)খন নগৰ আছিল।

45ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;

46ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।

47অচদোদ, তাৰ উপনগৰ আৰু গাওঁ; ঘচা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷

48পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,

49দন্না, কিৰিয়ৎ-চন্না (দবীৰ),

50অনাব, ইষ্টিমোৱা, আনীম,

51গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ (১১)খন নগৰ৷

52অৰাব, দূমা, ইচিয়ন,

53যানীম, বৈৎ-তপ্পূহ, অফেকা,

54হুম্‌টা, কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন (৯) খন৷

55মায়োন, কৰ্ম্মিল, জীফ, যুটা,

56যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,

57কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন (১০)৷

58হল্‌হূল, বৈৎ-চুৰ, গদোৰ,

59মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ (৬)৷

60কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ (২)৷

61মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,

62নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন (৬)৷

63কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা জনগোষ্ঠীয়ে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা জনগোষ্ঠীৰ সৈতে যিৰূচালেমত বাস কৰি আছে।


  Share Facebook  |  Share Twitter

 <<  Joshua 15 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran