Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  John 13 >> 

1ইহুদী সকলৰ নিস্তাৰ পৰ্ব্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।

2ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যীহুদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।

3যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।

4তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,

5তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।

6তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, "হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?"

7যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা”।

8পিতৰে তেওঁক ক’লে "আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব"। যীচুৱে উত্তৰ দিলে, "যদি তোমাৰ ভৰি নুধুৱাওঁ, তেন্তে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।"

9তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, "হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।"

10যীচুৱে তেওঁক ক’লে, "গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷"

11কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল ; এই কাৰণে তেওঁ ক'লে, "তোমালোক সকলো শুচি নহয়।"

12যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, "তোমালোকৰ কাৰণে মই যি কৰিলো, সেই বিষয়ে তোমালোকে বুজিলা নে?

13তোমালোকে যে মোক 'গুৰু' আৰু 'প্ৰভু' মাতিছা, সেয়া ঠিকেই কৈছা; কিয়নো মই সেয়েই হওঁ।

14এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।

15কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।

16মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস দাঙৰ নহয়; আৰু পঠোৱা জনতকৈ পাঁচনি ডাঙৰ নহয়।

17তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা ।

18তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছো এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; 'যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।'

19এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছো।

20মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।"

21এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সচাঁকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷"

22শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা কলে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হল ।

23যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷

24তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক সুধিলে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?

25তেতিয়া তেওঁ যীচুৰ বুকুলৈ হলি গৈ সুধিলে, “হে প্ৰভু, সেই জননো কোন?

26যীচুৱে উত্তৰ দিলে, 'মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই ভগাই দিম, তেৱেঁই সেই জন'। তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।

27সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক ক’লে, "তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা"।

28কিন্তু তেওঁ কিয় এই কথা কলে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷

29কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে,"পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ” যীচুৱে তেওঁক এই কথা ক'লে, ।

30তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।

31যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গল, যীচুৱে ক’লে, "এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হল৷

32ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হল, তেতিয়া ঈশ্বৰেও মানব পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাৎতেই কৰিব"।

33মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছো। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, "মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা", তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।

34মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।

35তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেন্তে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।"

36চিমোন পিতৰে তেওঁক সুধিলে, "হে প্ৰভু, আপুনি ক’লৈ যায়?" যীচুৱে উত্তৰ দি কলে, "মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।"

37পিতৰে তেওঁক ক’লে, "হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।"

38যীচুৱে উত্তৰ দি কলে, "মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।"


  Share Facebook  |  Share Twitter

 <<  John 13 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran