Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Joel 1 >> 

1পথূৱেলৰ পুত্ৰ যোৱেলৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।

2হে বৃদ্ধবিলাক, এই কথা শুনা? আৰু হে দেশনিবাসীবিলাক, কাণ দিয়া; তোমালোকৰ দিনত, বা তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ দিনত এনে ঘটনা হৈছিল নে ?

3তোমালোকে নিজ নিজ সন্তানবিলাকক ইয়াৰ কথা কোৱা, আৰু সিহঁতে নিজ নিজ সন্তানবিলাকক কওক, আৰু সিহঁতৰ সন্তানবিলাকওে ভাবী সন্তানক কওক |

4কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে, আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে, আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে |

5হে মতলীয়াবিলাক, সাৰ পাই কান্দা; হে দ্ৰাক্ষাৰস পান কৰোঁতাবিলাক, নতুন দ্ৰাক্ষাৰসৰ নিমিত্তে হাহাকাৰ কৰা, কাৰণ তেওঁক তোমালোকৰ মুখৰ পৰা নিয়া হল |

6কিয়নো অসংখ্য প্ৰাণী থকা এক বলবান জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু ডাঙৰ সিংহৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত |

7সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে; সিহঁতে তাক নিচেইকৈ বখলিয়াই পেলাই দিলে, তাৰ ডালবোৰ বগা কৰিলে |

8যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।

9যিহোৱাৰ দৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য নাইকিয়া হল; যিহোৱাৰ পৰিচাৰক পুৰোহিতবিলাকে শোক কৰিছে |

10পথাৰ নষ্ট হল,ভূমিয়ে শোক কৰিছে; কিয়নো শস্য নষ্ট হল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হল।

11হে খেতিয়কবিলাক, লাজ পোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাবিলাক, হাহাকাৰ কৰা, ঘেঁহু ধান আৰু যৱৰ বিষয়ে হাহাকাৰ কৰা; কিয়নো পথাৰৰ শস্য বিনষ্ট হল।

12দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰ সুমথিৰা টেঙা আদি পথাৰৰ সকলো গছ শুকাল; সঁচাকৈ মনুষ্য সন্তানবিলাকৰ মাজৰ পৰা আমোদ প্ৰমোদ গুচিল।

13হে পুৰোহিতবিলাক, তোমালোকে কঁকাল বান্ধি বিলাপ কৰা, হে যজ্ঞ-বেদিৰ পৰিচাৰকবিলাক, হাহাকাৰ কৰা; হে মোৰ ঈশ্বৰৰ পৰিচাৰকবিলাক, আহাঁ চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা; কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য নাইকিয়া হল |

14তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত বৃদ্ধবিলাক আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই যিহোৱাৰ আগত কাতৰোক্তি কৰা |

15হায় হায়, এয়ে কেনে দিন। কিয়নো যিহোৱাৰ দিন ওচৰ, সৰ্ব্বশক্তিমান জনাৰ পৰা যেন প্ৰলয়হে উপস্থিত।

16আমাৰ চকুৰ আগত খোৱা বস্তু, এনে কি, আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে ?

17বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গল, ভঁৰালবোৰ ধ্বংস কৰা হল, শস্যৰ ঘৰবোৰ ভাগিল; কাৰণ শস্যবোৰ নাইকিয়া হল।

18পশুবোৰে কেনেকৈ কেঁকাইছে | চৰণীয়া ঠাই নোহোৱাৰ কাৰণে গৰুৰ জাকবোৰ ব্যাকুল হৈছে; এনে কি, ভেড়া আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।

19হে যিহোৱা, মই তোমাৰেই আগত প্ৰাৰ্থনা কৰিছোঁ; কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছ পুৰিলে।

20বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে; কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।


  Share Facebook  |  Share Twitter

 <<  Joel 1 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran