Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Isaiah 25 >> 

1হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।

2কিয়নো অপুনি নগৰ খন স্তূপ, আৰু গড়েৰে আবৃত নগৰক ধ্বংস কৰিলে, বিদেশীসকলৰ নগৰৰ দুৰ্গ নোহোৱা হ’ল।

3সেই বাবে বলবন্ত লোকসকলে অপোনাক গৌৰৱান্বিত কৰিব, ভয়ানক জাতিবোৰৰ নগৰে অপোনাক ভয় কৰিব।

4কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।

5খৰাং দেশত ৰ’দ যেনে, তেনেকৈ আপুনি বিদেশীসকলৰ কোলাহল দমন কৰিব; যি দৰে মেঘৰ ছাঁৰে ৰ’দ নিবাৰণ কৰা হয়, সেই দৰে নিষ্ঠুৰ লোকৰ গান স্থগিত কৰা হ’ব।

6বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।

7যি ওৰণিৰে সকলো লোকক ঢকা হৈছে, আৰু যি আবৰণ সকলো জাতিসকলৰ ওপৰত বিস্তাৰিত আছে, যিহোৱাই এই পৰ্ব্বতত তাক নষ্ট কৰিব।

8তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।

9সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।

10কিয়নো এই পৰ্ব্বতত যিহোৱাৰ হাত স্থিতি ল’ব, আৰু গোবৰ পেলোৱা গাঁতত যি দৰে খেৰ গচকা হয়, সেই দৰে মোৱাবক নিজৰ ঠাইত গচকা হ’ব।

11আৰু সাঁতোৰা মানুহে যি দৰে সাঁতুৰিবলৈ হাত দুখন মেলে, সেই দৰে তেওঁ তাৰ মাজত নিজৰ হাত মেলিব; কিন্তু যিহোৱাই তেওঁৰ নানাবিধ হাতৰ কৌশলেৰে সৈতে তাৰ গৰ্ব্ব খৰ্ব্ব কৰিব।

12তোমালোকৰ ওখ দুৰ্গত থকা দেৱালবোৰ তেওঁ মাটিত পেলাব, এনে কি, ধূলিত পৰিণত কৰিব।


  Share Facebook  |  Share Twitter

 <<  Isaiah 25 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran