Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Isaiah 24 >> 

1চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।

2প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব।

3পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; কিয়নো যিহোৱাই এই কথা কৈছে,

4পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে।

5পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।

6সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।

7নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে।

8খঞ্জৰীবোৰৰ আনন্দ ধ্বনি বন্ধ হ’ল, উল্লাস কৰা সকল ওৰ পৰিল, বীণাৰ আনন্দ ধ্বনি শেষ হ’ল।

9তেওঁলোক আৰু দ্ৰাক্ষাৰস পান কৰা নাই আৰু গান গোৱা নাই; সুৰা পান কৰা লোকৰ মুখত সুৰা তিতা লাগিব;

10উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল।

11দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল।

12নগৰত কেৱল ধ্বংস বাকি থাকিল, আৰু দুৱাৰখন ভাঙি নষ্ট হ’ল।

13কিয়নো জলফাই গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়।

14তেওঁলোক উচ্চ স্বৰেৰে যিহোৱাৰ ঐশ্বৰ্যৰ জয় ধ্বনি কৰিব, সমূদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব।

15এই হেতুকে পূব দিশত যিহোৱা গৌৰন্বিত হৈছে, আৰু সমূদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।

16আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে।

17পৃথিবী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাঁত, আৰু ফান্দ নিৰূপিত কৰা আছে।

18সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাঁতত পৰিব, আৰু সেই গাঁতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব।

19পৃথিবী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; পৃথিবী অত্যন্ত লৰিব।

20পৃথিবী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব।

21যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব।

22কাৰাগাৰত বন্দীয়াৰসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ’ব, আৰু বন্দীশালত বন্ধ কৰা হ’ব; আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ’ব।

23তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।


  Share Facebook  |  Share Twitter

 <<  Isaiah 24 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran