Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Isaiah 18 >> 

1হাঁয় হাঁয়, ইথপিয়া(কূচ) নদীৰ সিপাৰে থকা পখীৰ মৰ্মৰধ্বনি হোৱা দেশ,

2ৰাজদূতসকলক নলখাগড়িৰ জাহাজত সমূদ্রৰ বাটেদি পঠোৱা জন, যি দেশৰ লোকসকল বলিষ্ট আৰু ধুনীয়া, যি সকল আদিৰ পৰা এতিয়ালৈকে ভয়ানক, যি সকলৰ দেশ নদীবোৰেৰে বিভক্ত, সেই দেশলৈ বেগি দূতসকল যোৱা।

3হে পৃথিৱী নিবাসী, আৰু হে পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্ব্বতবোৰৰ ওপৰত নিচান তোলা হ’ব, তেতিয়া চাবা, আৰু যেতিয়া শিঙা বাজিব, তেতিয়া শুনিবা।

4যিহোৱাই মোক কোৱা কথা এই, “নিৰ্মল আকাশৰ ৰ’দৰ দৰে, আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম।”

5শষ্য চপোৱাৰ পূৰ্বে যি সময়ত ফুল সৰিল, আৰু ফুল পকা দ্রাক্ষাগুটিত পৰিণত হ’ল, এনে সময়ত তেওঁ কাঁইটবোৰ কটাৰীৰে কাটি পেলাব, আৰু সিঁচৰিত হৈ থকা ডালবোৰ কাটি দূৰ কৰিব।

6পৰ্বতৰ চৰাইবোৰৰ বাবে, আৰু পৃথিৱীৰ জন্তুবোৰৰ বাবে সেই সকলো পৰিত্যক্ত হ’ব; চৰাইবোৰে সেইবোৰৰ ওপৰত গ্রীষ্মকাল, আৰু পৃথিৱীৰ জন্তুবোৰে সেইবোৰৰ ওপৰত জাৰকাল তিবাহিত।

7সেই সময়ত দীৰ্ঘকায় আৰু নিমজ গাৰে লোকসকল আগৰে পৰা এতিয়ালৈকে ভয়ঙ্কৰ এক জাতি, নদীবোৰে দেশ বিভক্ত কৰা দুগুণ পৰাক্ৰমী আৰু মৰ্দ্দনকাৰী এটা দেশ উপহাৰস্বৰূপে বাহিনীসকলৰ যিহোৱাৰ ওচৰলৈ, বাহিনীসকলৰ যিহোৱাৰ নাম থকা ঠাই চিয়োন পৰ্ব্বতলৈ অনা হ’ব।


  Share Facebook  |  Share Twitter

 <<  Isaiah 18 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran