Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 8 >> 

1ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে, আৰু যিহূদাৰ বৃদ্ধ-বিলাক মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভূ যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল।

2তেতিয়া মই চাই অগ্নি যেন এক মুৰ্ত্তি দেখিলোঁ; তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তলৈ অগ্নি যেন দেখা গ’ল, আৰু কঁকালৰ পৰা ওপৰলৈ দীপ্তি যেন, উজ্জ্বল ধাতু যেন দেখা গ’ল।

3পাছে তেওঁ হাত যেন বস্তুটো মেলি মোৰ মূৰৰ একোচা চুলিত ধৰিলে, আৰু আত্মাই মোক দাঙি, ঈশ্বৰীয় দৰ্শনত যিৰূচালেমলৈ অন্তৰ্জ্বালাজনক অন্তৰ্জ্বালা-মুৰ্ত্তি স্থাপিত হোৱা, ভিতৰ-চোতালৰ উত্তৰ ফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ গ’ল।

4আৰু মই দেখিলোঁ, উপত্যকাত দৰ্শনত দেখা বস্তুটোৰ দৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ তাত আছিল।

5তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফাললৈ চোৱা। তাতে মই উত্তৰ ফাললৈ চকু তুলি চাই যজ্ঞ-বেদিৰ বাট-চৰাৰ উত্তৰফালে প্ৰৱেশস্থানত সেই অন্তৰ্জ্বালা-মুৰ্ত্তি দেখিলোঁ।

6পাছে তেওঁ মোক কলে, হে মনুষ্য সন্তান, লোকবিলাকে কি কৰিছে তাক তুমি দেখিছা নে? মোৰ পবিত্ৰস্থানৰ পৰা মই আঁতৰ হ’বৰ নিমিত্তে ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো আৰু বৰ ৰব ঘিণলগীয়া কাৰ্য্য দেখিবলৈ পাবা;

7এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’লত, মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ।

8তেতিয়ে তেওঁ মোক কলে, হে মনুষ্য সন্তান, দেৱাল খানা; তাতে মই দেৱাল খানিলত এখন দুৱাৰ দেখিলোঁ।

9তেওঁ মোক আৰু কলে, তুমি ভিতৰলৈ গৈ তেওঁবিলাকে তাত কৰা ঘিণলগীয়া দুষ্কৰ্ম্মবোৰ চোৱা।

10তাতে মই ভিতৰলৈ গৈ চাই দেখিলোঁ, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি, আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত কটা আছে;

11আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ বৃদ্ধবিলাকৰ সত্তৰজন পুৰুষ আৰু তেওঁবিলাকৰ মাজত চাফনৰ পুতেক যাজনিয়া থিয় হৈ আছে, প্ৰতিজনৰ হাতত এটা এটা ধূপৰ পাত্ৰ; আৰু ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠিছে।

12তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ বৃদ্ধবিলাকে দেৱালত মুৰ্ত্তি কটা নিজ নিজ কোঁঠালিত আন্ধাৰত কি কৰিছে তাক তুমি দেখিছা নে? তেওঁবিলাকে কয়, যিহোৱাই আমাক দেখা নাপায়, যিহোৱাই পৃথিৱী ত্যাগ কৰিলে।

13তেওঁ মোক আৰু কলে, তুমি আকৌ তেওঁবিলাকে কৰা ইয়াতকৈয়ো আৰু বৰ বৰ ঘিণলগীয়া কাৰ্য্য দেখিবলৈ পাবা।

14পাছে তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক নিলত, মই দেখিলোঁ, সেই ঠাইত তিৰোতাবোৰে বহি তম্মুজৰ নিমিত্তে কান্দি আছে।

15তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি এইবোৰতকৈয়ো আৰু বৰ বৰ ঘিণলগীয়া কাৰ্য্য দেখিবলৈ পাবা।

16পাছে তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ নিলত, মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞ-বেদিৰ মাজত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি, আৰু পূৱফাললৈ মুখ কৰি পঞ্চাশজন মান মানুহে সূৰ্য্যৰ আগত প্ৰণিপাত কৰিছে।

17তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য্য কৰিছে, সেই সকলো কাৰ্য্য জানো তেওঁবিলাকলৈ লঘূ বিষয়? কিয়নো তেওঁবিলাকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে, আৰু মোক বেজাৰ দিবৰ নিমিত্তে পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁবিলাকে ডালবোৰ নাকত লগাইছে।

18এই হেতুকে ময়ো কোপেৰে কাৰ্য্য কৰিম, কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁবিলাকে বৰ মাতেৰে মোৰ কাণত কাতৰুক্তি কৰিলেও, মই তেওঁবিলাকৰ কথা নুশুনিম।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 8 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran