Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 7 >> 

1পাছে, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে, অন্ত পৰিল, দেশৰ চাৰি চুকলৈ অন্ত আহিল। এতিয়া তোমাৰ অন্ত উপস্থিত;

3মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠাম, তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম, আৰু তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ ফলিওৱাম।

4মই তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম; কিন্তু মই তোমাৰ আচৰণৰ ফল তোমালৈ ফলিওৱাম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাক মাজত থাকিব, তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা।

5প্ৰভূ যিহোৱাই এই কথা কৈছে, অমঙ্গল, কেৱল একেটা অমঙ্গল; চোৱা, সেয়ে পালেহি।

6অন্ত উপস্থিত, সেই অন্তই উপস্থিত; সেয়ে তোমাৰ অহিতে জাগিল; চোৱা সেয়ে পালেহি।

7হে দেশ নিবাসী লোক, তোমাৰ দণ্ডাজ্ঞা তোমালৈ আহিল; সময় উপস্থিত, দিন ওচৰ চাপিছে পৰ্ব্বতবোৰৰ ওপৰত আনন্দ-ধ্বনিৰ দিন নহয়, কোলাহলৰহে দিন!

8এতিয়া অলপতে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, তোমাৰ অহিতে মোৰ কোপ সিদ্ধ কৰিম, আৰু তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিম; মই তোমাৰ সকলো ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ ফলিওৱাম।

9মই কৃপাদৃষ্টি নকৰিম, আৰু দয়াও নকৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমালৈ ফলিওৱাম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাৰ মাজত থাকিব; তাতে মই যিহোৱায়েই যে প্ৰহাৰ কৰোঁ,তাক তোমালোকে জানিবা।

10চোৱা, সেই দিন সৌৱা; চোৱা, সেয়ে পালেহি; তোমাৰ দণ্ডাজ্ঞা প্ৰকাশিত হ’ল; দণ্ডডালি ফুলিল, অহঙ্কাৰে কলি ধৰিলে।

11দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল; তেওঁবিলাকৰ, আৰু তেওঁবিলাকৰ লোক সমূহৰ মাজৰ কোনো বা তেওঁবিলাকৰ ধন-সম্পত্তিৰ একো অৱশিষ্ট নাথাকিব; তেওঁবিলাকৰ মাজত প্ৰাধান্যও নাথাকিব।

12সময় উপস্থিত, দিন ওচৰ চাপিছে; কিনোতাই আনন্দ, কি বেচোঁতাই বেজাৰ নকৰক; কাৰণ তাৰ আটাই লোকসমূহৰ ওপৰত ক্ৰোধ উপস্থিত।

13কিয়নো তেওঁবিলাক সেই সময়লৈকে জীয়াই থাকিলেও, বেচোঁতাই বেচা বস্তুলৈ নুলটিব; কাৰণ সেই দৰ্শন তাৰ আটাই লোকসমূহৰ সম্পৰ্কীয়; কোনেও নুলটিবচ বা নিজ নিজ অপৰাধত কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব।

14তেওঁবিলাকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ কোনো নাযায়; কিয়নো মোৰ ক্ৰোধ তাৰ আটাই লোকসমূহৰ ওপৰত পৰিল।

15বাহিৰত তৰোৱাল, ভিতৰত মহামাৰী আৰু আকাল; যি মানুহ পথাৰত আছে, তেওঁ তৰোৱালত মৰিব, আৰু যি মানুহ নগৰত আছে তেওঁক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব।

16কিন্তু তেওঁবিলাকৰ মাজৰ যিবোৰ সাৰিব, তেওঁবিলাক সাৰি আটাইবিলাকে নিজ নিজ অপৰাধত শোক কৰি, উপত্যকা বাসী কপৌৰ দৰে পৰ্ব্বতত থাকিব।

17সকলোৰে হাত দুৰ্ব্বল হ’ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব।

18তেওঁবিলাকে কঁকালত চট বান্ধিব, আৰু মহাত্ৰাস তেওঁবিলাকৰ আৱৰণস্বৰূপ হ’ব; আটাইৰে মুখ বিবৰ্ণ হ’ব, আৰু তেওঁবিলাক আটাইৰে মূৰ টকলা কৰা হ’ব।

19তেওঁবিলাকে নিজ নিজ ৰূপ বাটত পেলাই দিব, আৰু তেওঁবিলাকৰ সোণ অশুচি বস্তু যেন হ’ব; যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁবিলাকৰ সোণ আৰু ৰূপে তেওঁবিলাকক ৰক্ষা কৰিব নোৱাৰিব; সেইবোৰে তেওঁবিলাকৰ প্ৰাণ তৃপ্ত বা তেওঁবিলাকৰ উদৰ পূৰ কৰিব নোৱাৰিব, কিয়নো সেয়ে তেওঁবিলাকৰ অপৰাধজনক বিঘিনি।

20তেওঁৰ সুন্দৰ ভূষমৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁবিলাকে তাত তেওঁবিলাকৰ ঘিণলগীয়া দেৱতাৰ মুৰ্ত্তি, আৰু তেওঁবিলাকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই তাক তেওঁবিলাকলৈ অশুচি বস্তু যেন কৰিলোঁ।

21মই তাক চিকাৰস্বৰূপে বিদেশীবিলাকৰ হাতত, আৰু লুটদ্ৰব্যস্বৰূপে পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম; তাতে সিহঁতে তাক অপবিত্ৰ কৰিব।

22আৰু মই মোৰ মুখ তেওঁবিলাকৰ পৰা ঘূৰাম; তাতে সিহঁতে মোৰ গুপ্তস্থান অশুচি কৰিব, আৰু ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব।

23তুমি এডাল শিকলি গঢ়োৱা; কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ, আৰু নগৰ অত্যাচাৰেৰে ভৰিল।

24এই নিমিত্তে মই জাতিবিলাকৰ মাজৰ অতি দুষ্টবোৰক আনিম, আৰু সিহঁতে তেওঁবিলাকৰ ঘৰবোৰ অধিকাৰ কৰিব, মই বলৱানবিলাকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তেওঁবিলাকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব।

25সংহাৰ আহিব লাগিছে; তেওঁবিলাকে শান্তি বিচাৰিব, কিন্তু নাপাব।

26আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব, সেই কালত তেওঁবিলাকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিতৰ পৰা ব্যৱস্থা আৰু বৃদ্ধবিলাকৰ পৰা মন্ত্ৰণা লোপ পাব।

27ৰজাই শোক কৰিব, মন্ত্ৰীয়ে ধ্বংসৰূপ বস্ত্ৰ পৰিধান কৰিব, আৰু দেশৰ প্ৰজাবিলাকৰ হাত কঁপিব; মই তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁবিলাকৰ বিচাৰ কৰিম; তাতে মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 7 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran